নতুন দিল্লী, ১৫ ছেপ্টেম্বৰ (হি.স.)। আগষ্ট মাহত দেশৰ ৰপ্তানি ৬.৭ শতাংশ বৃদ্ধি পাই ৩৫.১ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে আমদানি ১০.১২ শতাংশ হ্ৰাস পাই ৬১.৫৯ বিলিয়ন ডলাৰ হয়।
সোমবাৰে প্ৰকাশ পোৱা বাণিজ্যিক তথ্যত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে কয় যে আগষ্ট মাহত দেশৰ বাণিজ্যিক ঘাটি ২৬.৪৯ বিলিয়ন ডলাৰলৈ হ্ৰাস পোৱাৰ বিপৰীতে যোৱা বছৰৰ একে সময়ছোৱাত ৩৫.৬৪ বিলিয়ন ডলাৰ আছিল। তথ্য অনুসৰি যোৱা মাহত দেশখনে মুঠ ৩৫.১ বিলিয়ন ডলাৰ ৰপ্তানি কৰিছিল, যিটো যোৱা বছৰৰ একে সময়ছোৱাত ৩২.৮৯ বিলিয়ন ডলাৰ। এই সময়ছোৱাত দেশৰ আমদানি ৬১.৫৯ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে, যিটো যোৱা বছৰৰ একে মাহতে ৬৮.৫৩ বিলিয়ন ডলাৰ আছিল।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি আগষ্ট মাহৰ উন্নত প্ৰদৰ্শনৰ বাবে চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ প্ৰথম পাঁচ মাহত দেশৰ মুঠ ৰপ্তানি ১৮৪.১৩ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে এই সময়ছোৱাত মুঠ আমদানি ৩০৬.৫২ বিলিয়ন ডলাৰ হৈছে। বাণিজ্য সচিব সুনীল বৰথৱালে এই বাণিজ্যিক পৰিসংখ্যা সন্দৰ্ভত কয় যে বিশ্ব আৰু বাণিজ্য নীতিৰ অনিশ্চয়তাৰ মাজতো ভাৰতৰ ৰপ্তানিকাৰকসকলে শক্তিশালী আৰু দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছে।
हिन्दुस्थान समाचार / অৰৱিন্দ