হংকং অ’পেন খিতাপ জয়ৰ পৰা বঞ্চিত সাতৱিক-চিৰাগৰ যুটি, ৰূপৰ পদকত সন্তুষ্ট
নতুন দিল্লী, ১৪ ছেপ্টেম্বৰ (হি.স.)। ভাৰতৰ পুৰুষৰ ডাবলছ যুটি সাতৱিকসাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে দেওবাৰে হংকং অ’পেন অ’পেন ছুপাৰ ৫০০ বেডমিণ্টনৰ ফাইনেলত পৰাস্ত হৈ ৰূপৰ পদকত সন্তুষ্ট হ’বলগীয়া হয়। প্ৰায় ৬২ মিনিট ধৰি চলি থকা ফাইনেলত চীনৰ যুটি
Veer Savarkar Sports Complex


নতুন দিল্লী, ১৪ ছেপ্টেম্বৰ (হি.স.)। ভাৰতৰ পুৰুষৰ ডাবলছ যুটি সাতৱিকসাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে দেওবাৰে হংকং অ’পেন অ’পেন ছুপাৰ ৫০০ বেডমিণ্টনৰ ফাইনেলত পৰাস্ত হৈ ৰূপৰ পদকত সন্তুষ্ট হ’বলগীয়া হয়। প্ৰায় ৬২ মিনিট ধৰি চলি থকা ফাইনেলত চীনৰ যুটি লিয়াং ৱেই কেং আৰু ৱাং চাঙে ২১-১৯, ১৪-২১, ১৭-২১ ব্যৱধানত জয়লাভ কৰি খিতাপ দখল কৰে।

ফাইনেলত ভাৰতীয় যুটিটোৱে ভাল আৰম্ভণি কৰি প্ৰথমখন খেলত ২১-১৯ ব্যৱধানত জয়লাভ কৰে। দ্বিতীয়খন খেলত চীনৰ যুটিটোৱে শক্তিশালী প্ৰত্যাৱৰ্তন কৰে। লিয়াং ৱেই কেং আৰু ৱাং চাঙে অগ্ৰগতি লাভ কৰি দ্বিতীয়খন খেলত ২১-১৪ ব্যৱধানত জয়লাভ কৰে। নিৰ্ণায়ক খেলখনত লিয়াং আৰু ৱাঙৰ যুটিয়ে আক্ৰমণাত্মক খেলি থাকিল আৰু আৰম্ভণিৰে পৰাই অগ্ৰগতি ল’বলৈ আৰম্ভ কৰিলে। তৃতীয়খন খেলত সাতৱিক আৰু চিৰাগে সংগ্ৰাম কৰিবলগীয়া হৈছিল। অৱশ্যে শেষ মুহূৰ্তলৈকে ভাৰতীয় যুটিটোৱে পুনৰ প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাইছিল যদিও মেচখন বচাব পৰা নাছিল। চীনৰ যুটিটোৱে নিৰ্ণায়ক খেলখনত ২১-১৭ ব্যৱধানত জয়লাভ কৰে। এইদৰে চীনৰ যুটিটোৱে ২১-১৯, ১৪-২১, ১৭-২১ ব্যৱধানত জয়লাভ কৰি খিতাপ দখল কৰে।

ভাৰতীয় যুটিয়ে যোৱা মাহত দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande