নতুন দিল্লী, ১৪ ছেপ্টেম্বৰ (হি.স.)। এছিয়া কাপ ২০২৫ত দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে খেলখনত ভাৰতীয় দলটোৱে প্ৰথমে বলিং কৰিব। মেচখনত পাকিস্তান দলৰ অধিনায়ক ছলমান আলী আঘাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।
টছৰ সময়ত ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে কয় যে আমি প্ৰথমে বলিং কৰাৰ কথা ভাবিছো। আমি এই কথাত সুখী।
দুয়োটা দলৰ অধিনায়কে প্লেয়িং একাদশৰ কোনো পৰিৱৰ্তন কৰা নাই।
ভাৰতীয় দলৰ এঘাৰ খেলুৱৈ : অভিষেক শৰ্মা, শুভমন গিল, সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), তিলক ভাৰ্মা, সঞ্জু চেমচন (উইকেটকীপাৰ), শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী।
পাকিস্তান দলৰ এঘাৰ খেলুৱৈ : চাহিবজাদা ফাৰহান, ছাইম আয়ুব, মহম্মদ হাৰিছ (উইকেটকীপাৰ), ফাখৰ জামান, ছলমান আলী আঘা (অধিনায়ক), হাছান নৱাজ, মহম্মদ নৱাজ, ফাহীম আশ্ৰফ, শ্বাহীন আফ্ৰিদি, চুফিয়ান মুকীম, আব্ৰাৰ আহমেদ।
हिन्दुस्थान समाचार / অৰৱিন্দ