অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰত এ দল ঘোষণা, দুজন পৃথক পৃথক অধিনায়ক নিযুক্ত
নতুন দিল্লী, ১৪ ছেপ্টেম্বৰ (হি.স.)। অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ বাবে ভাৰত এ দলটো ঘোষণা কৰা হৈছে । প্ৰথমখন খেলৰ অধিনায়ক হিচাপে ৰজত পাটিদাৰক অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় মেচৰ দায়িত্ব দিয়া হৈছ
बीसीसीआई


নতুন দিল্লী, ১৪ ছেপ্টেম্বৰ (হি.স.)। অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ বাবে ভাৰত এ দলটো ঘোষণা কৰা হৈছে । প্ৰথমখন খেলৰ অধিনায়ক হিচাপে ৰজত পাটিদাৰক অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় মেচৰ দায়িত্ব দিয়া হৈছে তিলক বৰ্মাক। অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে এই শৃংখলা ৩০ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত দুখন বহুদিনীয়া মেচৰ বাবে দলটো ঘোষণা কৰা হৈছিল।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰক বোৰ্ড চমুকৈ বিচিচিআইয়ে সদৰি কৰা অনুসৰি কানপুৰত অনুষ্ঠিত হ’বলগীয়া অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ বাবে ছিনিয়ৰ পুৰুষ বাছনি সমিতিয়ে ভাৰত এ দল ঘোষণা কৰিছে। এই খেলসমূহ অহা ৩০ ছেপ্টেম্বৰ, ০৩ অক্টোবৰ আৰু ০৫ অক্টোবৰত অনুষ্ঠিত হ’ব আৰু সকলো খেল দিনৰ ১:৩০ বজাৰ পৰা গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত আৰম্ভ হ’ব।

ভাৰত প্ৰথম এদিনীয়াৰ বাবে ভাৰত এ দল : ৰজত পাটিদাৰ (অধিনায়ক), প্ৰভসিমৰন সিং (উইকেটকীপাৰ), ৰিয়ান পৰাগ, আয়ুষ বদোনি, সূৰ্যাংশ শ্বেডেজ, বিপ্ৰজ নিগম, নিশান্ত সিন্ধু, গুৰজাপানীত সিং, যুধবীৰ সিং, ৰবি বিষ্ণয়, অভিষেক পোৰেল (উইকেটকীপাৰ), প্ৰিয়ংশ আৰিয়া, ছিমৰজিৎ সিং।

দ্বিতীয় আৰু তৃতীয় এদিনীয়াৰ বাবে ভাৰত এ দল : তিলক বৰ্মা (অধিনায়ক), ৰজত পাটিদাৰ (উপ অধিনায়ক), অভিষেক শৰ্মা, প্ৰভসিমৰন সিং (উইকেটকীপাৰ), ৰিয়ান পৰাগ, আয়ুষ বদোনি, সূৰ্য্যংশ শ্বেডেজ, বিপ্ৰজ নিগম, নিশান্ত সিন্ধু, গুৰজাপানীত সিং, যুধবীৰ সিং, ৰবি বিষ্ণোই, অভিষেক পোৰেল (উইকেটকীপাৰ), হৰ্ষিত ৰানা, আৰ্শদীপ সিং।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande