বেলুচিস্তানত চেহলুম তীৰ্থযাত্ৰা পথ নিষিদ্ধ কৰাৰ ফেডাৰেল চৰকাৰৰ সিদ্ধান্তক সমালোচনা বি ৱাই চিৰ
কুৱেটা, ০৬ আগষ্ট (হি.স.)। বেলুচিস্তানৰ নাগৰিক, ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক অধিকাৰৰ পোষকতা কৰা গোট বালুচ ইয়াকজেহটি কমিটী (বি ৱাই চি)য়ে শেহতীয়াকৈ ফেডাৰেল চৰকাৰে বেলুচিস্তানৰ মাজেৰে চেহলুমৰ অৰ্থে ইৰাকলৈ যোৱা ছিয়া তীৰ্থযাত্ৰীৰ কনভয় নিষিদ্ধ কৰাৰ
प्रतीकात्मक।


কুৱেটা, ০৬ আগষ্ট (হি.স.)। বেলুচিস্তানৰ নাগৰিক, ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক অধিকাৰৰ পোষকতা কৰা গোট বালুচ ইয়াকজেহটি কমিটী (বি ৱাই চি)য়ে শেহতীয়াকৈ ফেডাৰেল চৰকাৰে বেলুচিস্তানৰ মাজেৰে চেহলুমৰ অৰ্থে ইৰাকলৈ যোৱা ছিয়া তীৰ্থযাত্ৰীৰ কনভয় নিষিদ্ধ কৰাৰ সিদ্ধান্তক গৰিহণা দিছে। গোটটোৱে এই পদক্ষেপক তথাকথিত নিৰাপত্তাৰ নামত সাংবিধানিক আৰু মৌলিক অধিকাৰ আৰু ধৰ্মীয় বৈষম্যৰ উলংঘা বুলি অভিহিত কৰিছে। বিৱাইচিৰ এই প্ৰতিক্ৰিয়া পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্যৰ পিছত। মঙলবাৰে ইছলামাবাদত আছিফে কয় যে তীৰ্থযাত্ৰীৰ কনভয়ক লক্ষ্য কৰি সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকিৰ বাবে চৰকাৰে কুৱেটাৰ পৰা ৮০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ স্থলপথত যাত্ৰা নিষিদ্ধ কৰিছে।

দ্য বেলুচিস্তান পোষ্টৰ বাতৰি অনুসৰি বি ৱাই চিয়ে কয় যে ধৰ্মীয় স্বাধীনতা প্ৰতিজন নাগৰিকৰ মৌলিক অধিকাৰ। তথাকথিত নিৰাপত্তাৰ নামত যিকোনো বাধা আৰোপ কৰাটো গ্ৰহণযোগ্য নহয়। নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ মৌলিক কৰ্তব্য পালন কৰাৰ পৰিৱৰ্তে নিৰাপত্তাজনিত চিন্তাৰ উদ্ধৃতি দি এই নিষেধাজ্ঞা জাৰি কৰা বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে। বি ৱাই চিয়ে কয় যে ধৰ্মীয় অনুষ্ঠান পালন কৰা নাগৰিকসকলৰ বাবে নিৰাপদ পথৰ ব্যৱস্থা কৰাটোৱেই ৰাষ্ট্ৰৰ দায়িত্ব, বিশ্বাসৰ ভিত্তিত তেওঁলোকক বাধা দিয়া নহয়।

বি.ৱাইচিয়ে এক বিবৃতিত কয় যে এই নিষেধাজ্ঞাৰ প্ৰতিবাদত ছিয়া তীৰ্থযাত্ৰীসকলে কৰাচীৰ পৰা ৰিমডান সীমান্তলৈ দীঘলীয়া পদযাত্ৰা কৰাৰ কথা ঘোষণা কৰিছে। গোটটোৱে এই পদযাত্ৰাক “সাংবিধানিক আৰু গণতান্ত্ৰিক অধিকাৰ” বুলি অভিহিত কৰি প্ৰতিবাদত অংশগ্ৰহণ কৰাসকলৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আৰু সংহতি প্ৰকাশ কৰে। বি ৱাই চিয়ে কয় যে আমি দাবী জনাইছো যে ছিয়া তীৰ্থযাত্ৰীৰ কাৰাভানত থকা নিষেধাজ্ঞা তৎকালীনভাৱে প্ৰত্যাহাৰ কৰা হওক আৰু বেলুচিস্তানৰ পৰা ইৰাণ আৰু ইৰাকলৈ যোৱাসকলক সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰা হওক। বিবৃতিটোত বল বা হেঁচা প্ৰয়োগ কৰি পদযাত্ৰাত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা নকৰিবলৈ কৰ্তৃপক্ষক সকীয়াই দিয়া হৈছে। মন কৰিবলগীয়া যে পাকিস্তানৰ ফেডাৰেল গৃহমন্ত্ৰীয়েও শেহতীয়াকৈ ঘোষণা কৰিছিল যে ছিয়া তীৰ্থযাত্ৰীক বেলুচিস্তান হৈ ইৰাকলৈ যোৱাত বাধা দিয়া হ’ব।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande