তুৰবাটত পাকিস্তানৰ সামৰিক কনভয়ত আক্ৰমণৰ বিএলএৰ দায়িত্ব গ্ৰহণ, দুজন জোৱানক হত্যা কৰাৰ দাবী
ইছলামাবাদ, ০৭ আগষ্ট (হি.স.)। পাকিস্তানৰ বেলুচিস্তানৰ তুৰবাট চহৰৰ সমীপত পাকিস্তানৰ সামৰিক কনভয়ত মঙলবাৰে গভীৰ নিশা বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে। এই আক্ৰমণত তেওঁলোকৰ যোদ্ধাসকলে দুজন পাকিস্তানী সামৰিক জোৱানক হত্যা কৰা ব
द बलूचिस्तान पोस्ट ने खबर के साथ इस फोटो को  अपलोड किया है।


ইছলামাবাদ, ০৭ আগষ্ট (হি.স.)। পাকিস্তানৰ বেলুচিস্তানৰ তুৰবাট চহৰৰ সমীপত পাকিস্তানৰ সামৰিক কনভয়ত মঙলবাৰে গভীৰ নিশা বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে। এই আক্ৰমণত তেওঁলোকৰ যোদ্ধাসকলে দুজন পাকিস্তানী সামৰিক জোৱানক হত্যা কৰা বুলি দাবী কৰে বি এল এয়ে।

দ্য বেলুচিস্তান পোষ্টৰ প্ৰতিবেদন অনুসৰি বিএলএৰ মুখপাত্ৰ জিয়ান্দ বেলুচে এক বিবৃতিত কয় যে তুৰবাটৰ বাহিৰৰ গগদান-সোৰাপ দলঙৰ সমীপত ৰিম’ট কণ্ট্ৰ’লড আই ই ডিৰে পাকিস্তান সেনাৰ তিনিখন বাহনৰ কনভয়ক লক্ষ্য কৰি লৈছে যোদ্ধা বিমানে। তেওঁ দাবী কৰে যে এই বিস্ফোৰণত দুজন পাকিস্তানী জোৱান নিহত হোৱাৰ লগতে কমেও চাৰিজন আহত হৈছে।

প্রতিবেদনত প্রকাশ কৰা হৈছে যে পাকিস্তানৰ সামৰিক সংবাদ মাধ্যমৰ শাখা আই এছ পি আৰে এই আক্রমণ সন্দর্ভত এতিয়াও কোনো মন্তব্য কৰা নাই৷ পাকিস্তানৰ নিৰাপত্তা বাহিনীক লক্ষ্য কৰি বেলুচ সশস্ত্ৰ সংগঠনৰ বৃহত্তৰ অভিযানৰ অংশ হিচাপে তুৰবাটত সংঘটিত এই আক্ৰমণ। যোৱা তিনি সপ্তাহত কেইবা ডজন সামৰিক জোৱান নিহত হৈছে। ইয়াৰ ভিতৰত আছে মেজৰ পদবীৰ কেইবাজনো বিষয়া।

বিএলএৰ মুখপাত্ৰ জিয়ান্দ বালোচে জনোৱা মতে, ১৬ জুলাইত আৱৰণ জিলাত মেজৰ চৈয়দ ৰবনাৱাজ তাৰিকৰ আক্ৰমণত নিহত হৈছিল। ইয়াৰ বাবে বেলুচিস্তান লিবাৰেচন ফ্ৰণ্টে (বিএলএফ) দায়িত্ব স্বীকাৰ কৰে। তিনিদিন পিছত কুৱেটাৰ জাবাল-ই-নূৰৰ সমীপত বোমা বিস্ফোৰণত মেজৰ আনোৱাৰ কাকাৰ নিহত হয়। বিএলএৰ স্পেচিয়েল টেকটিকেল অপাৰেচন স্কোয়াড (এছটিঅ’এছ)ৰ দ্বাৰা সংঘটিত কৰা হয় এই বিস্ফোৰণ।

ইয়াৰ উপৰিও ২৩ জুলাইত মাষ্টুঙৰ পাহাৰীয়া অঞ্চলত বিএলএ যোদ্ধাৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত মেজৰ জাইদ চেলিম নিহত হয়। শেহতীয়াকৈ ৫ আগষ্টত নুস্কিত পথৰ কাষত হোৱা আই ই ডি বিস্ফোৰণত মেজৰ ৰিজৱান নিহত হৈছিল। মেজৰ জাইদৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰে বিএলএয়ে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande