মস্কো, ০৭ আগষ্ট (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে নীতিগতভাৱে বৈঠকত মিলিত হ’বলৈ সন্মত হৈছে। ক্ৰেমলিনে বৃহস্পতিবাৰে কয় যে অনাগত দিনত ট্ৰাম্প আৰু পুটিনৰ এই বৈঠক হ’ব। ইফালে, পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত ত্ৰিপাক্ষিক শীৰ্ষ সন্মিলনৰ বাবে ট্ৰাম্পৰ প্ৰস্তাৱ মস্কোৱে প্ৰায় নাকচ কৰে।
এনবিচি নিউজৰ তথ্য অনুসৰি ট্ৰাম্পে বিচাৰে যে ৰাছিয়াই ইউক্ৰেইনৰ আক্ৰমণ অতি সোনকালে বন্ধ কৰক। পুটিনৰ বৈদেশিক নীতিৰ সহায়ক ইউৰি উছাকোভে এক অডিঅ’ বিবৃতিত কয় যে, “আমেৰিকাৰ পক্ষৰ পৰামৰ্শ অনুসৰি অনাগত দিনত উচ্চ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ বাবে নীতিগত চুক্তিত উপনীত হৈছে।”
উছাকোভে কয় যে ট্ৰাম্প-পুটিন-জেলেনস্কিৰ ত্ৰিপাক্ষিক বৈঠকৰ ধাৰণা কালি ৱাশ্বিংটনে প্ৰকাশ কৰিছে। আপাততঃ এই ধাৰণাটো স্থগিত ৰখা হৈছে। ট্ৰাম্পৰ বিশেষ দূত ষ্টিভ উইটকফে পুটিন আৰু তেওঁৰ ঘনিষ্ঠ বন্ধু তথা বিনিয়োগৰ মুৰব্বী কিৰিল ডিমিট্ৰিয়েভৰ সৈতে সাক্ষাৎ কৰাৰ এদিন পিছতে উশ্বোকোভৰ এই মন্তব্য আহিছে।
এনবিচি নিউজৰ তথ্য অনুসৰি ট্ৰাম্পে ২৪ ঘন্টাত যুদ্ধৰ অন্ত পেলাব পাৰে বুলিও কৈছিল। দ্বিতীয়টো কাৰ্যকাল আৰম্ভ কৰাৰ পিছতেই ট্ৰাম্পে প্ৰচেষ্টাও আৰম্ভ কৰিছিল যদিও এতিয়া তেওঁ সফল হোৱা যেন নালাগে। যোৱা শুকুৰবাৰে ট্ৰাম্পে পুটিনক ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলাবলৈ বা কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞাৰ সন্মুখীন হ’বলৈ প্ৰত্যাহ্বান জনাইছিল। ৰাছিয়াৰ তেল ক্ৰয় কৰা ভাৰতৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছে ট্ৰাম্পে। শুকুৰবাৰে তেওঁ ৰাছিয়াৰ সামগ্ৰী ক্ৰয় কৰা যিকোনো দেশৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিব পাৰে বুলি সকীয়াই দিয়ে।
ৱাশ্বিংটনৰ এই নতুন হেঁচা সত্ত্বেও ক্ৰেমলিনৰ স্থিতি দৃঢ় হৈ থাকিল। ইফালে ইউক্ৰেইনে বিগত সময়ছোৱাত নিজৰ ভাগ্যৰ বিষয়ে ৰাছিয়া-আমেৰিকাৰ আলোচনাৰ পৰা বাদ পৰাৰ সম্ভাৱনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ফেব্ৰুৱাৰী মাহত তুৰস্কৰ ইস্তানবুলত ৱাশ্বিংটন আৰু মস্কোৰ প্ৰতিনিধিৰ মাজত হোৱা আলোচনাৰ পিছত জেলেনস্কিয়ে এই বিষয়ে আক্ষেপ প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া