ঢাকা, ০৭ আগষ্ট (হি.স.)। অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ড০ মহম্মদ ইউনুছে আজি কয় যে এতিয়া বাংলাদেশত নিকা নিৰ্বাচন নিশ্চিত কৰাটোৱেই মূল অগ্ৰাধিকাৰ। আজি দ্বিতীয়বাৰৰ বাবে সচিবালয়ত উপস্থিত হৈ কেবিনেট সংমণ্ডলৰ নৱনির্মিত ১ নং ভৱনত উপদেষ্টা পৰিষদৰ সাপ্তাহিক বৈঠকৰ অধ্যক্ষতা কৰে৷ এই নতুন সুবিধা কেন্দ্ৰত প্ৰথমবাৰৰ বাবে চৰকাৰৰ মুৰব্বীৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয়।
ঢাকা ট্ৰিবিউন আৰু দ্য ডেইলী ষ্টাৰ কাকতৰ বাতৰি অনুসৰি সচিবালয়ত উপদেষ্টা পৰিষদৰ বৈঠকৰ পিছত মুখ্য উপদেষ্টাগৰাকীৰ উদ্ধৃতি দি কয় যে, প্ৰথম অধ্যায়ৰ অন্ত পৰিল ০৫ আগষ্টত। দ্বিতীয় অধ্যায় আজিৰ পৰা আৰম্ভ হয়। এতিয়া আমাৰ মূল কাম হৈছে নিকা নিৰ্বাচন নিশ্চিত কৰা।
ইয়াৰ পূৰ্বে ২০ নৱেম্বৰত ইউনুছে সচিবালয়ত প্ৰথমখন পৰামৰ্শদাতা পৰিষদৰ বৈঠকৰ অধ্যক্ষতা কৰিছিল। আজিৰ বৈঠক সচিবালয় প্ৰেছ ক্লাবৰ সংলগ্ন গেটৰ কাষতে অৱস্থিত কেবিনেট সংমণ্ডলৰ নৱনিৰ্মাণ ভৱনত অনুষ্ঠিত হয়। মন কৰিবলগীয়া যে বুধবাৰে মুখ্য উপদেষ্টা কাৰ্যালয়ে নিৰ্বাচন আয়োগলৈ এখন পত্ৰ প্ৰেৰণ কৰে। ইয়াত ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত ৰমজানৰ পূৰ্বে পৰৱৰ্তী সংসদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া