ইছলামাবাদ, ০৬ আগষ্ট (হি.স.)। বেলুচিস্তানৰ নুস্কি জিলাত মঙলবাৰে নিশা সংঘটিত বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰি বেলুচ লিবাৰেচন আৰ্মী (বিএলএ)য়ে পাকিস্তান সেনাৰ এজন মেজৰকে ধৰি তিনিজন সামৰিক জোৱান নিহত হোৱাৰ লগতে তিনিজন লোক আহত হোৱা বুলি দাবী কৰে। বিএলএই দাবী কৰে যে মেজৰৰ কনভয়টোক তেওঁলোকৰ চোৰাংচোৱা শাখা জিৰাবৰ পৰা পোৱা সুনিৰ্দিষ্ট তথ্যৰ ভিত্তিত লক্ষ্য কৰি লোৱা হৈছে।
বিএলএৰ মুখপাত্ৰ জিয়ান্দ বালোচৰ উদ্ধৃতি দি বেলুচিস্তান পোষ্টে এই খবৰ সম্প্ৰচাৰ কৰিছে। নুস্কি জিলাৰ গাৰ্গিনা অঞ্চলত নিশা প্ৰায় ৮:০০ বজাত পথৰ কাষত স্থাপন কৰা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি)ৰে এখন বুলেটপ্ৰুফ সামৰিক বাহনক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰে। এই ঘটনাত নিহত দুজন মেজৰ ৰিজৱান, নাইব চুবেদাৰ আমিন আৰু লেন্স নাইক ইউনিছ বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত এতিয়ালৈকে পাকিস্তান সেনাই কোনো আনুষ্ঠানিক প্ৰত্যুত্তৰ দিয়া নাই।
বিএলএৰ মুখপাত্ৰ জিয়ান্দ বালোচে দাবী কৰিছে যে জিৰাবৰ পৰা পোৱা তথ্যৰ ভিত্তিত যোদ্ধাসকলে মেজৰ ৰিজৱানৰ কনভয়ক লক্ষ্য কৰি লৈছিল। এই আক্ৰমণৰ সম্পূৰ্ণ দায়িত্ব লয় বেলুচ লিবাৰেচন আৰ্মীয়ে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া