বলীউডৰ অভিনেতা প্ৰতীক গান্ধীক শেষবাৰৰ বাবে পাত্ৰলেখাৰ সৈতে দেখা গৈছিল ‘ফুলে’ ছবিত। তেওঁৰ অভিনয়ৰ যথেষ্ট প্ৰশংসা হ’লেও ছবিখনে বক্স অফিচত ভাল ফলাফল দেখুৱাব পৰা নাছিল। এতিয়া প্ৰতীকক অতি সোনকালে গৌৰৱ শুক্লাৰ পৰিচালনাত নিৰ্মিত ৱেব ধাৰাবাহিক ‘সাৰে জাহান ছে আচ্ছা’ত দেখা যাব। এই ধাৰাবাহিকখনক লৈ দৰ্শকৰ মাজত যথেষ্ট কৌতুহলৰ সৃষ্টি হৈছে। এইদৰে এতিয়া অপেক্ষাৰ অন্ত পৰিল, অৱশেষত মুক্তি পালে ‘সাৰে জাহান ছে আচ্চা’ৰ ট্ৰেইলাৰ।
২০২৫ চনৰ ১৩ আগষ্টত নেটফ্লিক্সত প্ৰিমিয়াৰ হ’ব ‘ছাৰে জাহান ছে আচ্ছা’।১৯৭০ চনৰ ৰাজনৈতিক আৰু সামাজিক অস্থিৰতাৰ আধাৰত নিৰ্মিত এই ৱেব ছিৰিজখন। চোৰাংচোৱাগিৰি, ত্যাগ আৰু দেশপ্ৰেমৰ অনুভূতি কাহিনীটোত গভীৰভাৱে বোৱা হৈছে।
ছবিখনত প্ৰতীক গান্ধীয়ে নিজৰ কৰ্তব্য আৰু দেশৰ বাবে প্ৰতিটো ৰিস্ক ল’বলৈ সাজু চোৰাংচোৱা এজেণ্ট বিষ্ণু শংকৰৰ চৰিত্ৰত অভিনয় কৰিছে। প্ৰতীকৰ লগতে ছানী হিন্দুজা, সুহাইল নায়াৰ, কৃতিকা কামৰা, তিলোত্তমা শ্বোম, ৰজত কাপুৰ, অনুপ ছোনীৰ দৰে শক্তিশালী অভিনেতাকো এই ধাৰাবাহিকখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী