বক্স অফিচত ৰাজ ‘পৰম সুন্দৰী’ৰ, দ্বিতীয় দিনাই উপাৰ্জনৰ বৃহৎ জাঁপ
সিদ্ধাৰ্থ মালহোত্ৰা আৰু জানহৱী কাপুৰ অভিনীত ছবি ‘পৰম সুন্দৰী’ ছবিগৃহত মুক্তি লাভ কৰিছিল ২৯ আগষ্টত। এই ৰোমান্টিক কমেডী ছবিখনে দৰ্শক আৰু সমালোচকৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰাৰ লগতে বক্স অফিচতো গড় প্ৰদৰ্শন আগবঢ়াইছে। যদিও প্ৰথম দিনাই ছবিখনৰ ব্যৱসায
सिद्धार्थ मल्होत्रा, जाह्नवी कपूर - फाइल फोटो


সিদ্ধাৰ্থ মালহোত্ৰা আৰু জানহৱী কাপুৰ অভিনীত ছবি ‘পৰম সুন্দৰী’ ছবিগৃহত মুক্তি লাভ কৰিছিল ২৯ আগষ্টত। এই ৰোমান্টিক কমেডী ছবিখনে দৰ্শক আৰু সমালোচকৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰাৰ লগতে বক্স অফিচতো গড় প্ৰদৰ্শন আগবঢ়াইছে। যদিও প্ৰথম দিনাই ছবিখনৰ ব্যৱসায় আশা কৰাতকৈ কম আছিল, তথাপিও দ্বিতীয় দিনা ছবিখনে উপাৰ্জনৰ ক্ষেত্ৰত তীব্ৰ জঁপিয়াই পৰাৰ ৰেকৰ্ড গঢ়ি তুলিছিল।

বক্স অফিচ ট্ৰেকাৰ ছেকনিলকৰ মতে, ‘পৰম সুন্দৰী’ মুক্তিৰ দ্বিতীয় দিন শনিবাৰে ৯ কোটি টকাৰ ব্যৱসায় কৰিছিল। ছবিখনে বক্স অফিচত ৭.২৫ কোটি টকাৰে একাউণ্ট খুলিছিল। এইদৰে এই ছবিখনে ২ দিনত ১৬.২৫ কোটি টকা উপাৰ্জন কৰিছে। তুষাৰ জালোটাৰ পৰিচালনাত নিৰ্মিত ‘পৰম সুন্দৰী’ ছবিখনৰ বাজেট ৪৫ কোটি টকা বুলি কোৱা হৈছে।

‘পৰম সুন্দৰী’ত সিদ্ধাৰ্থই দিল্লীৰ এগৰাকী ধনী ব্যৱসায়ীৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে জানহৱীয়ে কেৰালাৰ অন্তৰ্গত আৰু পেছাত এগৰাকী শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ গোটেই কাহিনীটো তেওঁলোকৰ প্ৰেম কাহিনীক কেন্দ্ৰ কৰিয়েই ঘূৰি আছে। সম্পূৰ্ণ বেলেগ স্বভাৱৰ দুজন ব্যক্তি কেনেকৈ ইজনে সিজনৰ প্ৰেমত পৰে সেই ছবিখনত। ছবিখনত অভিনয় কৰিছে সঞ্জয় কাপুৰ, অভিষেক বেনাৰ্জী আৰু ইনায়ত ভাৰ্মাই।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande