বালিপৰাত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষ্যে শোভাযাত্ৰা
শোণিতপুৰ, ৩০ আগষ্ট (হি.স.)। বালিপৰাত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষ্যে শোভাযাত্ৰা। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি আজি বালিপৰাত উলিওৱা হয় এক শোভাযাত্ৰা । বালিপৰা মজলীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে দিৱসৰ সৈতে সংগতি ৰাখি হাতে হাতে বেন
বালিপৰাত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষ্যে শোভাযাত্ৰা


শোণিতপুৰ, ৩০ আগষ্ট (হি.স.)। বালিপৰাত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষ্যে শোভাযাত্ৰা।

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি আজি বালিপৰাত উলিওৱা হয় এক শোভাযাত্ৰা । বালিপৰা মজলীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে দিৱসৰ সৈতে সংগতি ৰাখি হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ বিদ্যালয় প্ৰাঙ্গনৰ পৰা বালিপৰা কেন্দ্ৰস্হললৈ উলিয়াই এই শোভাযাত্ৰা । এই উপলক্ষ্যে বিদ্যালয়ত খেল সম্পৰ্কীয় এখনি সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে অঞ্চলটোৰ প্ৰাক্তন খেলুৱৈ তথা ক্ৰীড়া সংগঠক অমৃত সিঙক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande