ফকিৰাগ্ৰামৰ গুৱাবাৰীত বিভিন্ন দলৰ অৰ্ধ শতাধিক কৰ্মী ইউপিপিএল দলত যোগদান
কোকৰাঝাৰ, ০২ আগষ্ট (হি.স.)। বিটিছি নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰতা বৃদ্ধি হৈছে ৰাজনৈতিক দল সমুহৰ । এই ক্ষেত্ৰত পিছপৰি ৰৈ থকা নাই ইউপিপিএল দলো । কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কৰাইটাৰী আৰু গুৱাবাৰীত আজি ইউপিপিএল দলৰ পৃথককৈ দুখন সভা অ
ফকিৰাগ্ৰামৰ গুৱাবাৰীত বিভিন্ন দলৰ অৰ্ধ শতাধিক কৰ্মী ইউপিপিএল দলত যোগদান


কোকৰাঝাৰ, ০২ আগষ্ট (হি.স.)। বিটিছি নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰতা বৃদ্ধি হৈছে ৰাজনৈতিক দল সমুহৰ । এই ক্ষেত্ৰত পিছপৰি ৰৈ থকা নাই ইউপিপিএল দলো । কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কৰাইটাৰী আৰু গুৱাবাৰীত আজি ইউপিপিএল দলৰ পৃথককৈ দুখন সভা অনুষ্ঠিত হয়। ইয়াৰে গুৱাবাৰীত অনুষ্ঠিত সভাত অৰ্ধ শতাধিক লোক বিভিন্ন দলৰ পৰা ইউপিপিএল দলত যোগদান কৰে ।

দুয়োখন সভাতে ইউপিপিএল দলৰ কেন্দ্ৰীয় উপ সভাপতি আফজাল হক সৰকাৰ, কেন্দ্ৰীয় সম্পাদক ৰাজু নাৰ্জাৰী, মুখপাত্ৰ মন্টু দে ,ফকিৰাগ্ৰাম ব্লক সমিতিৰ সভাপতি ৰবি চৰণ দৈমাৰী, সাধাৰণ সম্পাদক (প্ৰশাসনিক) হজৰত আলী তালুকদাৰ, সাধাৰণ সম্পাদক (সাংগঠনিক)কমল বৰ্মন, কালঝাৰ প্ৰাইমাৰী সমিতিৰ সভাপতি আজিবৰ ৰহমান আদিকে ধৰি বিভিন্ন নেতা সকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande