৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ
গুৱাহাটী, ০২ আগষ্ট(হি.স.)। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত পুনৰ ৰাজ্য় আৰু কেন্দ্ৰৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰে প্ৰবঞ্চনা কৰা বিষয়টোক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তীব্ৰ ভাষাৰে নিন্দা কৰিছে। ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত বিজেপি দল আৰু চৰকাৰে যি মায়াজাল সৃষ্টি কৰিছ
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ


গুৱাহাটী, ০২ আগষ্ট(হি.স.)। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত পুনৰ ৰাজ্য় আৰু কেন্দ্ৰৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰে প্ৰবঞ্চনা কৰা বিষয়টোক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তীব্ৰ ভাষাৰে নিন্দা কৰিছে।

ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত বিজেপি দল আৰু চৰকাৰে যি মায়াজাল সৃষ্টি কৰিছে সেয়া যথেষ্ট পৰিতাপৰ কথা বুলি উল্লেখ কৰি আজি এখন সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে কয় যে ৰাজ্য খনত মৰাণ, মটক, আহোম, চুতীয়া, কোঁচ-ৰাজবংশী, চাহ জনগোষ্ঠীৰ লোক সকলক জনজাতিকৰণ কৰিম বুলি বাৰে বাৰে প্ৰবঞ্চনা কৰি আহিছে।

সংবাদ মেলত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে কয় যে, লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে সদনত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত চৰকাৰৰ শেহতীয়া স্থিতি কি জানিব বিচাৰোঁতে গোমৰ ফাঁক ওলাই পৰিল। গগৈয়ে কয় যে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী দুৰ্গাদাস উকিয়ে কংগ্ৰেছৰ সাংসদ দুজনৰ প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে গঠন কৰা দুখনকৈ মন্ত্ৰীগোটৰ প্ৰতিবেদনেই কেন্দ্ৰীয় চৰকাৰক দাখিল কৰা নাই বুলি উল্লেখ কৰে।

২০২৪ চনৰ ৪ জুলাই আৰু ২০২৫ চনৰ মাৰ্চ মাহত গঠন কৰা মন্ত্ৰীগোটে ইচ্ছাকৃতভাৱে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত দাখিল কৰিবলগীয়া পৰামৰ্শাৱলীৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰিলে। গগৈয়ে কয় যে বিজেপি চৰকাৰৰ এইক্ষেত্ৰত কোনো আন্তৰিকতা নাই।

কংগ্ৰেছ চৰকাৰে ১৯৯৬ চনতে মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ তত্ত্বাৱধানত ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱ গ্ৰহণ কৰি প্ৰক্ৰিয়াটো আগুৱাই নিছিল যদিও পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰে এইক্ষেত্ৰত কোনো আন্তৰিক প্ৰচেষ্টা নেদেখুৱালে। এয়া গৰিহণাৰ যোগ্য বুলি তেওঁ উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande