ইউক্ৰেইনৰ খাৰকিভত ৰাছিয়াৰ বোমাবৰ্ষণ, ৭ জন নিহত, ১৮ জন আহত
কিয়েভ, ১৮ আগষ্ট (হি.স.)। ৰাছিয়াই আজি পুৱা ঔদ্যোগিক জিলা খাৰকিভৰ পাঁচ মহলীয়া এপাৰ্টমেণ্টত চাৰিখন ড্ৰ’নেৰে আক্ৰমণ কৰি বোমা বিস্ফোৰণ কৰে। ইয়াৰ ফলত এপাৰ্টমেণ্টটোৰ কেইবাটাও মহলাত অগ্নিকাণ্ড সংঘটিত হয়। এই আক্ৰমণত ডেৰ বছৰীয়া এগৰাকী কন্যা শিশু আৰু ১৬ ব
ইউক্ৰেইনৰ খাৰকিভত ৰাছিয়াৰ বোমাবৰ্ষণ, ৭ জন নিহত, ১৮ জন আহত


কিয়েভ, ১৮ আগষ্ট (হি.স.)। ৰাছিয়াই আজি পুৱা ঔদ্যোগিক জিলা খাৰকিভৰ পাঁচ মহলীয়া এপাৰ্টমেণ্টত চাৰিখন ড্ৰ’নেৰে আক্ৰমণ কৰি বোমা বিস্ফোৰণ কৰে। ইয়াৰ ফলত এপাৰ্টমেণ্টটোৰ কেইবাটাও মহলাত অগ্নিকাণ্ড সংঘটিত হয়। এই আক্ৰমণত ডেৰ বছৰীয়া এগৰাকী কন্যা শিশু আৰু ১৬ বছৰীয়া ল’ৰাকে ধৰি ৭ জন লোক নিহত হয়। ড্ৰোন বোমা বিস্ফোৰণত ১৮ জন লোক আহত হয়। এই বোমা বিস্ফোৰণত ছটা আৱাসগৃহ আৰু ১৫খন গাড়ীৰ ক্ষতিসাধন হয়।

কিয়েভ পোষ্টৰ তথ্য অনুসৰি ইউক্ৰেইনৰ জৰুৰীকালীন সেৱাৰ আঞ্চলিক গৱৰ্ণৰ অলেহ চিনেহুবভে কয় যে জৰুৰীকালীন উদ্ধাৰ অভিযানৰ সময়ত এগৰাকী যুৱতী আৰু এজন পুৰুষক ধ্বংসাৱশেষৰ পৰা নিৰাপদে উদ্ধাৰ কৰা হয়। এতিয়াও সন্ধানহীন হৈ আছে পাঁচজন লোক। উদ্ধাৰকাৰীয়ে জনোৱা মতে, বোমা বিস্ফোৰণৰ ফলত হোৱা অগ্নিকাণ্ড ৯০০ বৰ্গমিটাৰ এলেকাত বিয়পি পৰে। কাষৰ মুকলি পথাৰত পৰি থকা আন দুখন ড্ৰ’ন উদ্ধাৰ। ইয়াৰ পূৰ্বে ৰাছিয়াইও নিশা খাৰকিভত বেলিষ্টিক মিছাইল আক্ৰমণ চলাইছিল। ইয়াৰ ফলত ১১ জন লোক আহত হোৱাৰ লগতে ১০ টাতকৈও অধিক এপাৰ্টমেণ্ট বিল্ডিঙৰ ক্ষতিসাধন হয়।

আনহাতে, ৰাছিয়াই অডেছা অঞ্চলত ড্ৰ’ন আক্ৰমণ চলাইছে। ইয়াৰ ফলত এটা শক্তি কেন্দ্ৰ আৰু দুমহলীয়া অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হয়। ততাতৈয়াকৈ অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰা হয় আৰু এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande