কৰাচী, ১৮ আগষ্ট (হি.স.)। সোমবাৰে আমেৰিকাৰ পৰা কৰাচী (পাকিস্তান)লৈ উভতি আহে প্ৰয়াত সাংবাদিক খোৱাৰ হুছেইনৰ পৰিয়াল। শনিবাৰে সংগহাৰৰ এখন গাড়ীত খোৱাৰ হুছেইনৰ মৃতদেহ উদ্ধাৰ হয়। খোৱাৰ হুছেইনৰ পিতৃ-মাতৃ আৰু ভাতৃয়ে কৰাচী বিমানবন্দৰৰ পৰা পোনপটীয়াকৈ সংঘৰ অভিমুখে ৰাওনা হয়।
এ আৰ ৱাই নিউজৰ তথ্য অনুসৰি খোৱাৰ হুছেইনৰ পিতৃয়ে সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকাৰ সময়তে আত্মহত্যাৰ সম্ভাৱনাক উলাই কৰি তেওঁক সাহসী ব্যক্তি বুলি অভিহিত কৰে। তেওঁ ক'লে, মোৰ ল'ৰাই নিজকে গুলীয়াই মাৰিব নোৱাৰে, এইটো হত্যা। তেওঁ কয় যে পৰিয়ালটোৰ কাৰো লগত কোনো বিবাদ বা শত্ৰুতা নাই।
সাংবাদিক খোৱাৰ হুছেইনৰ মৃত্যুৰ তদন্তৰ বাবে সিন্ধ আৰক্ষীয়ে অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শক চিটিডি আজাদ খানৰ নেতৃত্বত এখন সমিতি গঠন কৰিছিল। আনহাতে ডি আই জি (পশ্চিম) ইৰফান বেলুচ আৰু এছ এছ পি সংঘৰ আবিদ বালোচকো এই কমিটীত অন্তৰ্ভুক্ত কৰা হ’ব। ইফালে সিন্ধ চৰকাৰেও খোৱাৰ হুছেইনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মেডিকেল ব’ৰ্ড গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
আৰক্ষীয়ে জনোৱা মতে, হায়দৰাবাদ ৰোডৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত সংগহাৰত তেওঁৰ গাড়ীৰ ভিতৰত উদ্ধাৰ হৈছে ব্যক্তিগত নিউজ চেনেলৰ সৈতে জড়িত সাংবাদিক খোৱাৰ হুছেইনৰ গুলীৰে ভৰা মৃতদেহ। জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ মতে খোৱাৰ হুছেইনৰ হাতত এটা পিষ্টল আছিল। প্ৰায় এটা দশক ধৰি কৰাচীত সাংবাদিকতা কৰি আহিছিল খোৱাৰ হুছেইনে। ঘটনাৰ সময়ত সাংবাদিক খোৱাৰ হুছেইনৰ পৰিয়াল আমেৰিকালৈ গৈছিল।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী