কাঠমাণ্ডু, ১৭ আগষ্ট (হি.স.)। দুদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে কাঠমাণ্ডুুত উপস্থিত হয় ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী। ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমান আই এফ চি ৩১ৰে কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰা মিশ্ৰীক নেপালৰ বৈদেশিক মন্ত্ৰালয়ৰ বিষয়া আৰু ভাৰতীয় দূতাবাসৰ বিষয়াসকলে আদৰণি জনায়।
দুদিনীয়া ভ্ৰমণত বৈদেশিক সচিব মিশ্ৰীয়ে প্ৰথমে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিক সাক্ষাৎ কৰি ভাৰত ভ্ৰমণৰ বাবে আনুষ্ঠানিক নিমন্ত্ৰণ পত্ৰ প্ৰদান কৰিবলৈ ওলাইছে। ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী অলিৰ ভাৰত ভ্ৰমণৰ কথা।
প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছত ভাৰতৰ বৈদেশিক সচিব মিশ্ৰীয়ে নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলৰ চৰকাৰী বাসগৃহ শীতল নিৱাসলৈ গৈ তেওঁক সাক্ষাৎ কৰিব। ৰাষ্ট্ৰপতিৰ সৈতে সৌজন্যমূলক বৈঠকৰ অন্তত বিভিন্ন দলৰ শীৰ্ষ নেতাসকলকো সাক্ষাৎ কৰিব।
ভাৰতীয় দূতাবাসে দিয়া তথ্য অনুসৰি ভাৰতৰ বৈদেশিক সচিব মিশ্ৰীয়ে নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবাক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিবলৈ গৈ আছে, আনহাতে তেওঁ মূল বিৰোধী দল মাওবাদী সভাপতি পুষ্প কমল দাহাল প্ৰচণ্ডক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিব ।
ৰাজনৈতিক বৈঠকৰ উপৰিও তেওঁ নেপালৰ বৈদেশিক মন্ত্ৰী ড০ অৰ্জু ৰানাক সাক্ষাৎ কৰিব আৰু নেপালৰ সমকক্ষ অমৃত ৰায়ৰ সৈতে দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰিব। এই বৈঠকৰ কালছোৱাত নেপালৰ বিদেশ সচিব ৰায়ে অৱগত কৰিছে যে নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিৰ ভাৰত ভ্ৰমণৰ প্ৰস্তাৱৰ সময়ত গ্ৰহণ কৰিবলগীয়া এজেণ্ডা চূড়ান্ত কৰা হ’ব।
हिन्दुस्थान समाचार / Manoj Kumar Saikia