ভাৰতৰ বৈদেশিক সচিবৰ নেপালৰ প্ৰধানমন্ত্ৰী অলিক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ
কাঠমাণ্ডু, ১৭ আগষ্ট (হি.স.)। দুদিনীয়া নেপাল ভ্ৰমণলৈ অহা ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে দেওবাৰে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিক সাক্ষাৎ কৰি ভাৰত ভ্ৰমণৰ বাবে আনুষ্ঠানিক আমন্ত্ৰণ জনায়। আজি পুৱা প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত বৈঠকৰ সময়ত
नेपाल के प्रधानमंत्री से मुलाकात करते भारतीय विदेश सचिव विक्रम मिस्री


কাঠমাণ্ডু, ১৭ আগষ্ট (হি.স.)। দুদিনীয়া নেপাল ভ্ৰমণলৈ অহা ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে দেওবাৰে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিক সাক্ষাৎ কৰি ভাৰত ভ্ৰমণৰ বাবে আনুষ্ঠানিক আমন্ত্ৰণ জনায়।

আজি পুৱা প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত বৈঠকৰ সময়ত ভাৰতীয় বিদেশ সচিব মিশ্ৰীয়ে ভাৰত ভ্ৰমণৰ বাবে ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰ প্ৰদান কৰে। দুয়োপক্ষৰ মাজত ঐকমত্যৰ অন্তত ১৬ ছেপ্টেম্বৰৰ পৰা অলিৰ ভাৰত ভ্ৰমণৰ কথা।এই বৈঠকৰ সময়ত উপস্থিত থকা প্ৰধানমন্ত্ৰী অলিৰ মুখ্য ৰাজনৈতিক উপদেষ্টা বিষ্ণু ৰিমালে কয় যে ভাৰতীয় বৈদেশিক সচিবে দিয়া আনুষ্ঠানিক আমন্ত্ৰণ পত্ৰৰ বাবে প্ৰধানমন্ত্ৰী অলিয়ে তেওঁক ধন্যবাদ জনাইছে।

ৰিমালৰ মতে, প্ৰায় এঘণ্টা ধৰি চলি থকা এই বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী অলিৰ ভাৰত ভ্ৰমণৰ সময়ত গ্ৰহণ কৰিবলগীয়া প্ৰধান এজেণ্ডা সম্পৰ্কেও আলোচনা কৰা হৈছিল। প্ৰধানমন্ত্ৰী অলিয়ে দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত আস্থা প্ৰকাশ কৰিছে।

ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী অলিক আদৰণি জনোৱাৰ বাবে আগ্ৰহী বুলি কয় ভাৰতীয় বৈদেশিক সচিবগৰাকীয়ে। আশা কৰা হৈছে যে ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজত প্ৰতিটো ক্ষেত্ৰতে পাৰস্পৰিক সহযোগিতা অধিক আগুৱাই নিয়াত সহায় কৰিব। মিশ্ৰীয়ে নেপালৰ সৈতে সংযোগ বৃদ্ধি কৰাৰ লগতে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সম্পৰ্ক অধিক ঘনিষ্ঠ কৰাৰ আশ্বাস দিছে।

প্ৰধানমন্ত্ৰী অলিৰ সৈতে হোৱা বৈঠকত নেপালত থকা ভাৰতৰ ৰাষ্ট্ৰদূত নবীন শ্ৰীবাস্তৱ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ নেপাল ডেস্কৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত সচিব মনু মহাৱৰকে ধৰি অন্যান্য বিষয়াসকলো উপস্থিত থাকে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande