চেন্নাই, ১৫ আগষ্ট (হি.স.)। নাগালেণ্ডৰ গৱৰ্ণৰ এল গণেশনৰ দেহাৱসান ঘটিছে। বহুদিন তেওঁ অসুস্থ হৈ আছিল। আজি সন্ধিয়া ৬.২৩ বজাত চেন্নাইৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ বয়স আছিল ৮০ বছৰ। তামিলনাডুৰ অন্যতম জ্যেষ্ঠ বিজেপি নেতা এল গণেশন মণিপুৰৰ ৰাজ্যপাল হৈ থকাৰ সময়তে নাগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্বতো আছিল।
বিজেপিৰ জ্যেষ্ঠ নেতা তথা নাগালেণ্ডৰ ৰাজ্যপাল এল. গণেশনে যোৱা আঠ আগষ্টৰ পুৱা চেন্নাইস্থিত নিজ বাসগৃহত পিছলি পৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। তেওঁক এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হয়। য'ত তেওঁক চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰি আছিল। চিকিৎসাৰ কোনো প্ৰভাৱ নপৰাত আজি সন্ধিয়া ৬.২৩ বজাত তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে এপ’ল’ৰ চিকিৎসকে।
১৯৪৫ চনৰ ১৬ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা এল গণেশনৰ ঘৰ তাঞ্জাভুৰত আছিল। বিজেপিৰ তামিলনাডু ৰাজ্যিক সম্পাদক হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত আছিল। সৰুতে দেউতাকক হেৰুৱাই ডাঙৰ ভায়েকৰ কোলাত ডাঙৰ-দীঘল হৈছিল আৰু অবিবাহিত আছিল। তেওঁ পূৰ্ণকালীন চাকৰি এৰি আৰ এছ এছ সংগঠনত যোগদান কৰে। পৰৱৰ্তী সময়ত তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক আৰু ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ দলটোৰ তামিলনাডু ৰাজ্যিক সভাপতি আছিল। ১৯৯১ চনত বিজেপিৰ ৰাজ্যিক সংগঠন সম্পাদক হোৱাৰ পাছত ২০০৯ আৰু ২০১৪ চনৰ লোকসভা নিৰ্বাচনত দক্ষিণ চেন্নাই সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হয়। অৱশ্যে মধ্য প্ৰদেশৰ পৰা ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হয়। ২০২১ চনত তেওঁক ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মণিপুৰ ৰাজ্যৰ ১৭ সংখ্যক ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া