পাটনা, ১৭ আগষ্ট (হি.স.)। বিহাৰৰ মুজাফ্ফৰপুৰ জিলাৰ কাটৰা ব্লকৰ অন্তৰ্গত খংগুৰাদিহ গাঁৱত দেওবাৰে গা ধুবলৈ গৈ পানীত ডুব যোৱাৰ ফলত ৫টা শিশুৰ মৃত্যু হয়। আৰক্ষীয়ে মৃতদেহকেইটা নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
আৰক্ষীৰ তথ্য অনুসৰি কাটৰা ব্লকৰ খংগুৰাডিহ আৰু বন্ধপুৰা পঞ্চায়তৰ সীমান্তৰ চাউৰ (খালী ঠাই)ৰ গোৰ্ধুৱা দলঙৰ সমীপত পানীত ডুব যোৱাৰ ফলত খংগুৰাডিহ গাঁৱৰ ৫টা শিশুৰ মৃত্যু হয়। গা ধুওঁতে সংঘটিত হৈছে এই ঘটনা। নিহত দুজন হৈছে মহম্মদ আনাছ (১৫), পিতৃ মহম্মদ শ্বাহজাদ, মহম্মদ হিদাতুল (১৪), পিতৃ মহম্মদ ৰেয়াজ, মহম্মদ হামজা আলী (১২), পিতৃ কল্লু ওৰফে মুস্তাফা, মহম্মদ ৰেহমান (১২), পিতৃ মহম্মদ আৰু মহম্মদ আবু তালিম (১২), মাতৃ নৰ্গিছ প্ৰবীন খংগুৰাদিহৰ।
আৰক্ষীয়ে জনোৱা মতে, আটাইকেইটা শিশু গা ধুওঁতে গাঁতত আবদ্ধ হৈ পৰে আৰু তাৰ পিছত ডুব যোৱাৰ ফলত মৃত্যু হয়। আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্ৰীকৃষ্ণ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। এই বৃহৎ দুৰ্ঘটনাৰ বাবেই ভুক্তভোগীৰ পৰিয়ালৰ লগতে গাঁও তথা সমাজত শোকৰ পৰিৱেশ বিৰাজ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া