বিৰোধীক আক্ৰমণ বিজেপিৰ,কয়-সাংবিধানিক প্ৰতিষ্ঠানক লক্ষ্য কৰি লৈছে বিৰোধী
নতুন দিল্লী, ১৮ আগষ্ট (হি.স.)। নিৰ্বাচন আয়োগক লৈ বিৰোধীয়ে উত্থাপন কৰা অভিযোগৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজি ভাৰতীয় জনতা পাৰ্টি (বিজেপি)য়ে কয় যে কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে কাৰ্যভাৰ লাভ নকৰাত হতাশ হৈ সদায় সাংবিধানিক প্ৰতিষ্ঠানসমূহক ক
সম্বিত পাত্ৰৰ সংবাদমেল সম্বোধন


নতুন দিল্লী, ১৮ আগষ্ট (হি.স.)। নিৰ্বাচন আয়োগক লৈ বিৰোধীয়ে উত্থাপন কৰা অভিযোগৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজি ভাৰতীয় জনতা পাৰ্টি (বিজেপি)য়ে কয় যে কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে কাৰ্যভাৰ লাভ নকৰাত হতাশ হৈ সদায় সাংবিধানিক প্ৰতিষ্ঠানসমূহক কাঠঘৰাত ৰাখিছে আৰু আনকি উচ্চতম ন্যায়ালয়েও তেওঁলোকৰ আক্ৰমণৰ পৰা সাৰি যাব পৰা নাই।

বিজেপিৰ মুখ্য কাৰ্যালয়ত সোমবাৰে অনুষ্ঠিত এক সংবাদমেলত বিৰোধীয়ে সাংবিধানিক প্ৰতিষ্ঠানৰ সৈতে হেতালি খেলাৰ অভিযোগ উত্থাপন কৰি বিজেপিৰ মুখপাত্ৰ ড০ সম্বিত পাত্ৰই কয় যে কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে সদায় সাংবিধানিক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে। এইসকল লোকে উচ্চতম ন্যায়ালয়ৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ কয় যে যদি নিৰ্বাচনত ৰিগিং হৈছে, তেন্তে ৰাহুল গান্ধীয়ে প্ৰথমে পদত্যাগ কৰক, কাৰণ তেওঁও এই নিৰ্বাচনৰ জৰিয়তে সাংসদ হৈ পৰিছে।

ড° পাত্ৰই কয় যে শ্ৰী নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ আগতেই মমতা বেনাৰ্জী পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হৈ পৰিছিল। তেওঁও নিৰ্বাচন আয়োগে পৰিচালনা কৰা নিৰ্বাচনৰ জৰিয়তে বাৰে বাৰে মুখ্যমন্ত্ৰী হৈ পৰিছে, সেয়েহে তেওঁও পদত্যাগ কৰিব লাগে। তেওঁ কয় যে কেৱল নিৰ্বাচন আয়োগেই নহয়, কংগ্ৰেছ পৰিয়ালক কেন্দ্ৰ কৰি ঘূৰি থকা পৰিয়ালসমূহে আক্ৰমণ নকৰা দেশত এনে কোনো সাংবিধানিক প্ৰতিষ্ঠান বাকী নাই।

বিজেপিৰ মুখপাত্ৰই কয়, মনত ৰাখিব, এইসকল লোকেই উচ্চতম ন্যায়ালয়লৈ আঙুলিয়াইছিল। এইসকল লোকেই ভাৰতীয় সেনা মুৰব্বীক 'পথৰ গুণ্ডা' বুলি কোৱাৰ সাহস কৰিছিল। আনকি এইকসকলেই সেইসকল লোক যিয়ে চাৰ্জিকেল ষ্ট্ৰাইক, এয়াৰ ষ্ট্ৰাইক আৰু অপাৰেচন সিন্দুৰৰ পিছত ভাৰতীয় সেনাক আক্ৰমণ কৰিবলৈ কুন্ঠাবোধ নকৰে। আপোনালোকৰ বিচাৰপীঠ ডাঙৰ নে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠ।

ডাঃ পাত্ৰই কয়, যেতিয়া উচ্চতম ন্যায়ালয়ে এছ আই আৰ স্থগিত ৰখা নাই, তেতিয়া আপোনালোকৰ কোনখন বিচাৰপীঠ, যিয়ে চুৰি হৈছে বুলি ঘোষণা কৰিছে। ইয়াৰ পৰা দেখা যায় যে আপোনালোকে সাংবিধানিক প্ৰতিষ্ঠানৰ সৈতে হেতালি খেলি আছে।

তেওঁ কয় যে কংগ্ৰেছ আৰু মিত্ৰশক্তিৰ উদ্দেশ্য অনুপ্ৰৱেশকাৰীক ৰক্ষণা বেক্ষণ দিয়া। ভোটবেংক, তুষ্টিকৰণৰ ৰাজনীতি ব্যৱহাৰ কৰি আৰু তাত অনুপ্ৰৱেশকাৰী সংযোজন কৰি আপোনালোক কেনেকৈ জয়ী হ’ব বিচাৰে সেই কথা দেশৰ জনসাধাৰণে জানে। কিন্তু এই দেশৰ সম্পদৰ ওপৰত এই দেশৰ জনসাধাৰণৰ অধিকাৰ আছে, কোনো অনুপ্ৰৱেশকাৰীৰ ওপৰত নহয়। উচ্চতম ন্যায়ালয়ৰ তথ্য অনুসৰি নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ অধিকাৰ ভাৰতৰ নিৰ্বাচন আয়োগৰ আছে।

কংগ্ৰেছ, আৰজেডি, তৃণমূল কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ লক্ষ্য বাংলাদেশৰ দৰে পৰিস্থিতি সৃষ্টি কৰা বুলি মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰই। তেওঁলোকে ভাৰতৰ ৰাজপথত সম্পূৰ্ণ অৰাজকতা বিয়পাব বিচাৰে। তেওঁলোকে বিচাৰে ভাৰতীয় জনসাধাৰণ বৰ্বৰ হৈ হিংসাৰ আশ্ৰয় লওক, যাতে বিৰোধীয়ে এই অস্থিৰতাৰ সুযোগ ল’ব পাৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande