- কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিন বৈষ্ণৱৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আমন্ত্ৰণ
কলকাতা, ১৭ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ আগষ্টত পশ্চিম বংগত নতুন মেট্ৰ’ পথ উদ্বোধন কৰিব।ইয়াৰ ভিতৰত আছে ন’ৱাপাৰাৰ পৰা জয়হিন্দলৈ নতুনকৈ নিৰ্মাণ কৰা হালধীয়া লাইন, হেমন্ত মুখাৰ্জীৰ পৰা বেলিয়াঘাটালৈ কমলা লাইন আৰু ছিলডাহৰ পৰা এস্প্লেনেডলৈ গ্ৰীণ লাইন-১ আৰু ২। ইয়াৰ উপৰিও বহু নতুন মেট্ৰ’ ৰে’লকো ফ্লেগ অফ কৰা হ’ব। সংশ্লিষ্ট বিভাগসমূহত এই কাৰ্যসূচীৰ প্ৰস্তুতি আৰম্ভ হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিন বৈষ্ণৱে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনোৱা হৈছে। জাৰি কৰা পত্ৰখনত লিখা আছে, ‘পশ্চিম বংগত ৰে’ল সেৱা আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। বৰ্তমান ৰাজ্যত প্ৰায় ৮৩৭৬৫ কোটি টকাৰ প্ৰকল্প চলি আছে। চলিত বাজেটত পশ্চিম বংগে ১৩৯৫৫ কোটি টকাৰ অভিলেখ আবণ্টন লাভ কৰিছে। ইয়াৰ উপৰিও ৰাজ্যৰ ১০১টা ৰে’ল ষ্টেচনক বিশ্বমানৰ ৰেল ষ্টেচনলৈ ৰূপান্তৰিত কৰাৰ কাম চলি আছে।
পশ্চিম বংগত ইতিমধ্যে ৯খন ‘মেড ইন ইণ্ডিয়া’ বন্দে ভাৰত এক্সপ্ৰেছ আৰু দুখন অমৃত ভাৰত ৰে’ল চলি আছে। ২০২৫ চনৰ ২২ আগষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে হাওৰা মেট্ৰ’ ষ্টেচনত ছিলডাহ-এছপ্লেনেড মেট্ৰ’ অংশ, বেলিয়াঘাটা-হেমন্ত মুখাৰ্জী অংশ, নোয়াপাৰা-জয় হিন্দ (বিমানবন্দৰ) অংশ আৰু নতুন ছাবমেট্ৰ’ উদ্বোধন কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া