মুম্বাই, ১৮ আগষ্ট (হি.স.)। মহাৰাষ্ট্ৰৰ অহিল্যানগৰৰ নেভাছা ফাটাত অৱস্থিত এখন আচবাবৰ দোকানত অগ্নিকাণ্ড সংঘটিত হৈ একেটা পৰিয়ালৰ ৫জন লোকৰ মৃত্যু হয়। অগ্নিকাণ্ডৰ তথ্য পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। ইয়াত অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে অহিল্যানগৰ আৰক্ষীৰ দলে।
ঘটনাৰ তদন্ত কৰি থকা এজন আৰক্ষী বিষয়াই সোমবাৰে জনোৱা মতে, যোৱা নিশা প্ৰায় ১ বজাত অহিল্যানগৰৰ নেভাছাৰ ময়ুৰ ফাৰ্নিচাৰ নামৰ এখন দোকানত অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাৰ তথ্য পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দলটোৱে সেই স্থানত উপস্থিত হয়। আচবাবৰ দোকানখনত জ্বলনশীল সামগ্ৰী থকাৰ বাবে জুই শীঘ্ৰে নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল। ইয়াৰ বাবেই দোকানখনত শুই থকা একেটা পৰিয়ালৰ ৫জন লোকৰ অগ্নিকাণ্ডত মৃত্যু হয়।
নিহত দুজন হৈছে ময়ুৰ অৰুণ ৰাছানে (৪৫), পয়াল ময়ুৰ ৰাছানে (৩৮), অংশ ময়ুৰ ৰাছানে (১০), চৈতন্য ময়ুৰ ৰাছানে (৭) আৰু এগৰাকী বৃদ্ধা। আজি পুৱালৈকে অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে জুই নিয়ন্ত্ৰণলৈ আনে। ঘটনাস্থলীত অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী