বিজাপুৰ, ১৮ আগষ্ট (হি.স.)। ছত্তীশগড় জিলাৰ বিজাপুৰৰ ভোপালপট্টনমত নক্সালবাদীয়ে ৰোপণ কৰা ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰ (আই ই ডি) বিস্ফোৰণত ডি আৰ জি (ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ড)ৰ এজন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে আন ৩ জন জোৱান আহত হৈছে।
আৰক্ষীৰ মতে, যোৱা দেওবাৰে নক্সাল বিৰোধী অভিযানৰ অংশ হিচাপে ডি আৰ জিৰ দলটো তালাচী অভিযানৰ বাবে ওলাইছিল। তালাচীৰ সময়ত সোমবাৰে পুৱা ভোপালপট্টনমৰ উল্লুৰ বনাঞ্চলত প্ৰেচাৰ আই ই ডি বিস্ফোৰণত শ্বহীদ হয় বিজাপুৰ ডি আৰ জিৰ জোৱান দিনেশ নাগ। এই সময়ছোৱাত তিনিজন জোৱান আহত হৈছে, যাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
বাস্তৰ আই জি সুন্দৰৰাজ পিয়ে এই কথা নিশ্চিত কৰি কয় যে আহত জোৱানসকলৰ ভিতৰত ভাৰত ধীৱাৰ, পাইকু ইনলা আৰু মুণ্ডাৰু ৰাম কাৱাসী আছে। বৰ্তমান সময়ত আহতসকলৰ অৱস্থা বিপদৰ বাহিৰত বুলি কোৱা হৈছে। তেওঁ জনাইছে যে শ্বহীদ জোৱান দীনেশ নাগ বিজাপুৰৰ ১৫ নং ৱাৰ্ডৰ বাসিন্দা আছিল। ঘটনাৰ পিছত জোৱানসকলে অঞ্চলটোত তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী