মুখ্য নিৰ্বাচন আয়ুক্তই কয়- ৰাহুল গান্ধীয়ে ৭ দিনৰ ভিতৰত শপতনামা দিয়ক অথবা দেশৰ ওচৰত ক্ষমা খোজক
নতুন দিল্লী, ১৭ আগষ্ট (হি.স.)। নিৰ্বাচন আয়োগে দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নাম নোলোৱাকৈয়ে তেওঁৰ ভোট চুৰিৰ অভিযোগ খণ্ডন কৰি ৭ দিনৰ ভিতৰত শপতনামা দিবলৈ কৈছে নহ’লে দেশৰ ওচৰত ক্ষমা খুজিব লাগে বুলি কয়। শপতনামা অবিহনে তেওঁৰ দ্বাৰা উত্থাপিত অভিযোগৰ
মুখ্য নিৰ্বাচন আয়ুক্তই কয়- ৰাহুল গান্ধীয়ে ৭ দিনৰ ভিতৰত শপতনামা দিয়ক অথবা দেশৰ ওচৰত ক্ষমা খোজক


নতুন দিল্লী, ১৭ আগষ্ট (হি.স.)। নিৰ্বাচন আয়োগে দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নাম নোলোৱাকৈয়ে তেওঁৰ ভোট চুৰিৰ অভিযোগ খণ্ডন কৰি ৭ দিনৰ ভিতৰত শপতনামা দিবলৈ কৈছে নহ’লে দেশৰ ওচৰত ক্ষমা খুজিব লাগে বুলি কয়। শপতনামা অবিহনে তেওঁৰ দ্বাৰা উত্থাপিত অভিযোগৰ কোনো উত্তৰ নিদিয়ে আয়োগে। লগতে নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিয়ে যে ভোটাৰ তালিকাত ভুল হ’লে ভুৱা ভোটদান নহয়।

দিল্লীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত আয়োজিত এক বিশেষ সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে উত্থাপন কৰি থকা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বিহাৰত চলি থকা বিশেষ নিবিড় পুনৰীক্ষণ প্ৰক্ৰিয়াৰ সৈতে জড়িত প্ৰশ্নসমূহৰ ওপৰতো তেওঁ নিজৰ মতামত দাঙি ধৰে। নিৰ্বাচন আয়োগ সন্দৰ্ভত ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে হয় শপতনামা দিব লাগিব নহয় দেশৰ ওচৰত ক্ষমা খুজিব লাগিব। তৃতীয় বিকল্প নাই। যদি ৭ দিনৰ ভিতৰত শপতনামা লাভ নকৰে তেন্তে ইয়াৰ অৰ্থ হ’ল এই সকলোবোৰ অভিযোগ ভিত্তিহীন।

মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে এটা কথা স্পষ্ট কৰি দিলে যে ভোটাৰ তালিকাখন ভুলমুক্ত কৰি ৰখাটো সকলোৰে সামূহিক দায়িত্ব। ভোটাৰ তালিকাত ভুল হ’লে ভুৱা ভোটদান বা ভুল ভোটদানৰ ইংগিত পোৱা নাযায়। তেওঁ কয় যে ভোটাৰ তালিকাত ভুল হোৱাটো স্বাভাৱিক, কাৰণ ইয়াক বিকেন্দ্ৰীকৃত প্ৰক্ৰিয়াৰ অধীনত অতি বৃহৎ পৰিসৰত প্ৰস্তুত কৰা হয়। এই ভুলবোৰৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰক্ৰিয়াও আছে। ভোটদানৰ পূৰ্বে স্থানীয় পৰ্যায়ত অতি সহজে এই কাম কৰিব পাৰি। ভোটদানৰ পিছত নিয়ম অনুসৰি শপতনামা দিব পাৰিব, যাৰ তদন্ত নিৰ্বাচন আয়োগে কৰিব পাৰে।

নিৰ্বাচন আয়োগে কয় যে মহাৰাষ্ট্ৰ, ওড়িশা আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পাছতো এনে কোনো শপতনামা লাভ কৰা নাই। ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত আয়োগে কয় যে কেৱল পিপিটি দেখুৱাই আয়োগে লাখ লাখ ভোটাৰক তদন্তৰ আওতালৈ আনিব নোৱাৰে। তেওঁ কয় যে ভোটাৰ তালিকা আৰু ভোটদান বেলেগ বেলেগ কথা - তালিকাত ভুল হ’ব পাৰে, কিন্তু ইয়াৰ ফলত ভোটদানৰ বিশুদ্ধতাত কোনো প্ৰভাৱ নপৰে। ভুল তথ্য আৰু পিপিটিৰ ভিত্তিত অভিযোগ উত্থাপন কৰাটো নিৰ্বাচনী প্ৰক্ৰিয়া দুৰ্বল কৰাৰ দৰেই।

কুমাৰে কয় যে সময়মতে আপত্তি দাখিল কৰাৰ অধিকাৰ ৰাজনৈতিক দলক দিয়া হৈছে, কিন্তু সময় পাৰ হোৱাৰ পিছত অভিযোগ উত্থাপন কৰাটো কেৱল ৰাজনীতি। আয়োগে পুনৰ কয় যে প্ৰতিজন যোগ্য ব্যক্তিক তালিকাত অন্তৰ্ভুক্ত কৰা আৰু অযোগ্যসকলক আঁতৰোৱাটো তেওঁলোকৰ দায়িত্ব। বিহাৰ সন্দৰ্ভত ৰাজনৈতিক দলসমূহৰ ১ ছেপ্টেম্বৰলৈ সময় আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande