বৰপেটা, ১৪ আগষ্ট (হি.স.): বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শোলমাৰী গাঁৱত সংঘটিত হয় নিজ ভাই-ককাইৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা। আব্দুল কাদেৰ আৰু নিজ ভাই- ককাইৰ মাজত সংঘটিত হৈছিল এই সংঘাতৰ ঘটনা।
প্ৰাপ্ত তথ্য়মতে, পৈত্ৰিক সম্পত্তিক লৈ আব্দুল কাদেৰৰ নিজ ভাই- ককাইৰ মাজত দীৰ্ঘ দিনৰ পৰাই চলিছিল কাজিয়া। ইয়াৰ মাজতে আব্দুল কাদেৰে মংগলবাৰে ঘৰৰ সন্মুখত থকা চাউল খোৱা মৰা নদীত মাছধৰা জাল পতাৰ বাবে জালখন তেওঁৰ ককায়েক আবু হানিফা শিকদাৰে উঠাই চিঙি পেলায় আৰু আবু হানিফা শিকদাৰৰ লগতে আনোৱাৰ হুছাইন শিকদাৰ, ভতিজা, ভাই বোৱাৰীয়ে আব্দুল কাদেৰক অকথ্য গালি-গালাজ কৰি ঘৰত অনাধিকাৰ ভাবে প্ৰৱেশ কৰি আব্দুল কাদেৰৰ ঘৈনিয়েকক মাৰধৰ কৰি ঘৰ দুৱাৰ ভাঙি লণ্ড -ভণ্ড কৰাৰ লগতে প্ৰায় লক্ষাধিক নগদ টকা লুট কৰাৰ অভিযোগ কৰে।
ইফালে এই কাজিয়া দেখি আব্দুল কাদেৰৰ আন এগৰাকী ককায়েকৰ ভতিজা ল'ৰা আবু বক্কাৰ ছিদ্দিকে আগুৱাই যোৱাত নিজ খুৰা আনোৱাৰ হুছাইন শিকদাৰে চোকা অস্ত্ৰৰে হানি খুচি হত্যাৰ চেষ্টা কৰে যদিও কোনোমতে প্ৰাণ ৰক্ষা পৰে। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি লোকজনক ততাতৈয়াকৈ চান্দমামা মডেল হস্পিটালত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়। আহত লোকজনৰ অৱস্থা অধিক জটিল হোৱাৰ বাবে পৰৱৰ্তী সময়ত চিকিৎসকে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ দিয়ে।
ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে যোৱাকালি বৃহস্পতিবাৰে সন্ধিয়া এজাহাৰ দাখিল কৰিছে। বৰভিঠা আৰক্ষীয়ে উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিত বাতৰি যুগত কৰা লৈকে এই পৰ্যন্ত এজনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে চৰকাৰ তথা জিলা প্ৰশাসনক উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিবলৈ দাবী জনাইছে। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ