স্বাধীনতা দিৱস উদযাপন উপলক্ষে কোকৰাঝাৰ ডি এন হিমতসিং খেল পথাৰত আৰক্ষীৰ ব্যাপক প্ৰস্তুতি
স্বাধীনতা দিৱস উদযাপন উপলক্ষে কোকৰাঝাৰ ডি এন হিমাতসিং খেল পথাৰত আৰক্ষীৰ ব্যাপক প্ৰস্তুতি ।
স্বাধীনতা দিৱস উদযাপন উপলক্ষে কোকৰাঝাৰ ডি এন হিমতসিং খেল পথাৰত আৰক্ষীৰ ব্যাপক প্ৰস্তুতি


কোকৰাঝাৰ, ১৪ আগষ্ট (হি.স.): আগন্তুক স্বাধীনতা দিৱসৰ মাজত কৈ ঘন্টা মান বাকী থকা অৱস্থাত কোকৰাঝাৰত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্য়ৱস্থাৰে ডি এন হিমাতসিং খেল পথাৰত স্বাধীনতা দিৱস উদযাপন উপলক্ষে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। উক্ত কাৰ্যসুচী অনুসৰি কোকৰাঝাৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অসম আৰক্ষী, এনচিচি সকলৰ মাজত স্বাধীনতা দিৱস উদযাপন উপলক্ষে স্কাউট-গাইড, মাৰ্চপাৰ্চ ইত্যাদিৰ অভ্যাস অনুশীলন কৰা পৰিলক্ষিত হৈছে।

কোকৰাঝাৰ ডোন বস্কো আৰু উৎমা সেন বেঙ্গলি স্কুল কোকৰাঝাৰৰ ছাত্ৰৰ এটা গোটৰ দ্বাৰা পৰিবেশন কৰা ঘোষ বাদ্য সকলোৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্যযোগ্য যে সমূহ ছাত্ৰ ছাত্ৰী স্কুলত শিক্ষাগ্ৰহণ কৰাৰ পিছত ভাগৰি নপৰি আকৌ এই কাৰ্যসূচীত উপস্থিত হৈ আনন্দৰে অনুশীলন কৰাটোৱে অতি চৰ্চা লাভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande