জনীয়াৰ ৰূপাকুছি পথৰ দুৰৱস্থা
জনীয়াৰ ৰূপাকুছি পথৰ দুৰৱস্থা ।
জনীয়াৰ ৰূপাকুছি পথৰ দুৰৱস্থা


বৰপেটা, ১৪ আগষ্ট (হি.স.): বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অধীনস্থ কাদঙ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰূপাকুছি পাচ আলিৰ চকৰ পৰা জনীয়া-কাদঙ লোক নিৰ্মাণ বিভাগৰ পথলৈ যোৱা পথৰ দুৰৱস্থাই জীয়াতু ভুগিছে বৃহত্তৰ অঞ্চলৰ গঞা ৰাইজে।

দীৰ্ঘদিন ধৰি বোকাময় পথেৰে অহা-যোৱা কৰিবলগীয়া হৈছে স্কুলীয়া কলেজীয়া ছাত্ৰ-ছাত্ৰী সকলৰ লগতে স্থানীয় ৰাইজে। সেয়ে চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষ তথা নৱ নিৰ্বাচিত স্থানীয় জনপ্ৰতিনিধিক অতি শীঘ্ৰে উক্ত পথচোৱা নিৰ্মাণ কৰাৰ আহ্বান জনাইছে ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande