কোকৰাঝাৰ, ১৪ আগষ্ট (হি.স.): সমাগত দেশৰ ৭৯ সংখ্য়ক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসক লৈ কোকৰাঝাৰত সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন ।কোকৰাঝাৰ জিলাৰ বিভিন্ন পথত আৰক্ষীৰ ব্যাপক তালাচী অভিযান চলোৱা হৈছে ।
কোকৰাঝাৰ জিলাত প্ৰৱেশ কৰা সকলো যানবাহনত তন্ন তন্ন কৈ তালাচী অভিযান চলাইছে কোকৰাঝাৰ আৰক্ষীয়ে । স্বাধীনতা দিৱসত কোনো কূটাঘাত মূলক ঘটনা সংঘটিত নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই তালাচী অভিযান চলোৱা হৈছে। উল্লেখ্যযে জিলা খনত যাতে কোনো দুষ্কৃতিকাৰীয়ে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা বা অঞ্চলটোত কুঠাৰঘাত কৰিব নোৱাৰে তাৰ বাবে জিলাখনত আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা লগতে সকলো যানবাহনত তন্ন তন্ন কৈ তালাচী অভিযান চলাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ