নেপালৰ পৰা চলিত বৰ্ষত ১০০০ মেগাৱাট বিদ্যুৎ ক্ৰয় কৰিবলৈ সন্মত ভাৰত
কাঠমাণ্ডু, ১৩ আগষ্ট (হি.স.)। বিদ্যুৎ বাণিজ্য চুক্তিৰ অধীনত ভাৰতে এইবাৰ নেপালৰ পৰা ১০০০ মেগাৱাট বিদ্যুৎ ক্ৰয় কৰিবলৈ অনুমোদন জনাইছে। এতিয়ালৈকে নেপালৰ পৰা ৮১০ মেগাৱাট বিদ্যুৎ ৰপ্তানি কৰা হৈছিল। ২০০ মেগাৱাট শক্তি ক্ৰয় চুক্তিত ভাৰতে অনুমোদন জনোৱাৰ লগে
নেপাল বিদ্যুৎ বোৰ্ড


কাঠমাণ্ডু, ১৩ আগষ্ট (হি.স.)। বিদ্যুৎ বাণিজ্য চুক্তিৰ অধীনত ভাৰতে এইবাৰ নেপালৰ পৰা ১০০০ মেগাৱাট বিদ্যুৎ ক্ৰয় কৰিবলৈ অনুমোদন জনাইছে। এতিয়ালৈকে নেপালৰ পৰা ৮১০ মেগাৱাট বিদ্যুৎ ৰপ্তানি কৰা হৈছিল। ২০০ মেগাৱাট শক্তি ক্ৰয় চুক্তিত ভাৰতে অনুমোদন জনোৱাৰ লগে লগে এতিয়া প্ৰতিদিনে ১০০০ মেগাৱাট বিদ্যুৎ ৰপ্তানি কৰা হ’ব।

নেপালৰ শক্তি মন্ত্ৰী দীপক খড়কাই কয় যে ভাৰতৰ পৰা ২০০ মেগাৱাট শক্তি ক্ৰয় চুক্তিৰ অনুমোদনৰ লগে লগে এতিয়া প্ৰতিদিনে নেপালৰ পৰা ভাৰতলৈ ১০১০ মেগাৱাট বিদ্যুৎ যোগান ধৰা হ’ব। খড়কাই কয় যে নেপালৰ শক্তি খণ্ডৰ বাবে এয়া এক বৃহৎ সাফল্য। শক্তি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ জৰিয়তে দৈনিক ১০১০ মেগাৱাট বিদ্যুৎ ভাৰতলৈ আৰু ৪০ মেগাৱাট বিদ্যুৎ বাংলাদেশলৈ ৰপ্তানি কৰি নেপালৰ শক্তি খণ্ড অতিশয় উৎফুল্লিত। তেওঁ দাবী কৰে যে ভাৰতৰ সৈতে ১০ হাজাৰ মেগাৱাট বিদ্যুৎ ৰপ্তানিৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ সাফল্য।

ভাৰতক বিদ্যুৎ বিক্ৰী কৰি নেপালে যোৱা এবছৰত প্ৰায় ১০০০ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত মঙলবাৰে কাঠমাণ্ডুত আয়োজিত এক কাৰ্যসূচীত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে নিজেই কয় যে শক্তি খণ্ডৰ বাবে নেপালৰ অৰ্থনৈতিক অৱস্থা ক্ৰমান্বয়ে উন্নত হৈছে। তেওঁ কয় যে নেপাল বিদ্যুৎ প্ৰাধিকৰণে আগতে ভাৰতৰ পৰা ৩০০ৰ পৰা ৪০০ মেগাৱাট বিদ্যুৎ আমদানি কৰিছিল। ভাৰতক বিদ্যুৎ বিক্ৰী কৰি নেপালে যোৱা এবছৰত ১০০০ কোটি লাভ কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande