থাইলেণ্ড-কম্বোডিয়া সেনাৰ বৈঠক, সীমান্তত শান্তি বজাই ৰাখিবলৈ সন্মতি
বেংকক/ফ্নম পেন, ১৭ আগষ্ট (হি.স.)। থাইলেণ্ডৰ ট্ৰাট প্ৰদেশত শনিবাৰে থাইলেণ্ড আৰু কম্বোডিয়াৰ সেনাৰ প্ৰতিনিধিয়ে থাইলেণ্ড-কম্বোডিয়া আঞ্চলিক সীমান্ত সমিতি (আৰবিচি)ৰ বিশেষ বৈঠক অনুষ্ঠিত কৰে। থাইলেণ্ডৰ নৌসেনাৰ মতে, এই বৈঠকত থাই পক্ষৰ পৰা চান্থাবুৰী আৰু
থাইলেণ্ড-কম্বোডিয়া সেনাৰ বৈঠক, সীমান্তত শান্তি বজাই ৰাখিবলৈ সন্মতি


বেংকক/ফ্নম পেন, ১৭ আগষ্ট (হি.স.)। থাইলেণ্ডৰ ট্ৰাট প্ৰদেশত শনিবাৰে থাইলেণ্ড আৰু কম্বোডিয়াৰ সেনাৰ প্ৰতিনিধিয়ে থাইলেণ্ড-কম্বোডিয়া আঞ্চলিক সীমান্ত সমিতি (আৰবিচি)ৰ বিশেষ বৈঠক অনুষ্ঠিত কৰে।

থাইলেণ্ডৰ নৌসেনাৰ মতে, এই বৈঠকত থাই পক্ষৰ পৰা চান্থাবুৰী আৰু ট্ৰেট সীমান্ত প্ৰতিৰক্ষা কমাণ্ডৰ অধিনায়ক আৰু কম্বোডিয়াৰ সামৰিক অঞ্চল-৩ৰ অধিনায়ক উপস্থিত থাকে। দুয়োপক্ষই পাৰস্পৰিক সমস্যাসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ লগতে সীমান্তৱৰ্তী অঞ্চলসমূহত জনসাধাৰণৰ শান্তি আৰু মংগল সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। বৈঠকৰ অন্তত বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়।

কম্বোডিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উপ-বিদেশ সচিব তথা মুখপাত্ৰ লেফটেনেণ্ট জেনেৰেল মালি ছ’চেয়াটাই কয় যে এই বিশেষ বৈঠকত সীমান্ত সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰা হৈছে আৰু দুয়োখন দেশৰ সেনাই নিয়মীয়াকৈ যোগাযোগ বজাই ৰাখিব বুলি সিদ্ধান্ত লোৱা হৈছে।

তেওঁ কয় যে এই বৈঠকৰ উদ্দেশ্য হৈছে সংঘাত পৰিহাৰ কৰি সমস্যাসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰা। কম্বোডিয়াই আশা কৰিছে যে এই বৈঠকে যুদ্ধবিৰতি চুক্তিখনৰ সম্পূৰ্ণ আৰু ফলপ্ৰসূ ৰূপায়ণক প্ৰসাৰিত কৰিব, যাৰ ফলত সীমান্তৱৰ্তী অঞ্চলসমূহত শান্তি, স্থিতিশীলতা আৰু স্বাভাৱিকতা পুনৰুদ্ধাৰ হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande