বিজেপিয়ে বিটিআৰত শক্তিশালী চৰকাৰ গঠন কৰিবলৈ উন্নয়নৰ গংগা বোৱাই আনিবঃ মুখ্য়মন্ত্ৰী
প্ৰতিকূল বতৰত জনসমুদ্ৰত পৰিণত বিজয় সংকল্প সভাঃগুমা সমষ্টিৰ পৰাই বিটিআৰ পৰিষদীয় চৰকাৰ গঠনৰ সংকল্প।
বিজেপিয়ে বিটিআৰত শক্তিশালী চৰকাৰ গঠন কৰিবলৈ উন্নয়নৰ গংগা বোৱাই আনিবঃ মুখ্য়মন্ত্ৰী


দুৰ্নীতিৰ সদাগৰ ভিচিডিচিক পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিঃ ড° হিমন্ত বিশ্ব

কোকৰাঝাৰ, ১৩ আগষ্ট (হি.স.): বিটিআৰত বিপিএফ-ইউপিপিএল, কংগ্ৰেছ আদি কাৰো সৈতে শত্ৰুতা নাই বিজেপিৰ৷ বিজেপিৰ মহীৰূহ বাজপেয়ীৰ সময়ত ২০০৩ চনত বিটিচি চুক্তি স্বাক্ষৰিত হৈছিল ৷ পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বত বিটিআৰ চুক্তি স্বাক্ষৰিত কৰি বিটিআৰ শান্তি প্ৰতিষ্ঠা কৰিলে ৷ এই শান্তি চিৰস্থায়ী কৰিবলৈ বিজেপিয়ে বিটিআৰত শক্তিশালী চৰকাৰ গঠন কৰিবলৈ উন্নয়নৰ গংগা বোৱাই আনিব ৷ – এই ভাষ্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ৷ গোসাঁইগাঁও মহকুমাৰ ২ নং গুমা পৰিষদীয় সমষ্টিৰ সত্যপুৰত আজি আয়োজিত বিজয় সংকল্প সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে এই মন্তব্য় কৰে।

বক্তব্যত মুখ্য়মন্ত্ৰীয়ে কয়, কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতে বিটিআৰ এলেকাত এটাও গুলি ফুটা নাই ৷ এটাও বোমা বিস্ফোৰণ সংঘটিত হোৱা নাই ৷ হত্যা, অপহৰণ, ধনদাবী আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত গোষ্ঠী সংঘৰ্ষ হোৱা নাই৷ কোনো এগৰাকী লোকৰ মৃত্যু হোৱা নাই৷ এই পৰিবেশ চিৰস্থায়ী কৰিবলৈ বিটিচি চৰকাৰত এইবাৰ মুখ্য ভুমিকা গ্ৰহণ কৰিব বিজেপি ৷ ধাৰাষাৰ বৰষুণৰ মাজতে লোকে লোকাৰণ্য হৈ পৰা বিশাল জনসভাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, শান্তিৰ পিছত সমন্বয় আৰু সমন্বয়ৰ পিছত ভিচিডিচিত চলা অবাধ দুৰ্নীতি প্ৰতিহত কৰি উন্নয়নৰ নতুন দিগন্ত সুচনা কৰিবলৈ ৰাইজৰ পৰা আশিষ বিচাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত শৰ্মাই ৷

তেখেতে কয়, বিটিআৰত চলি থকা ভিচিডিচি ব্যৱস্থাই অবাধ দুৰ্নীতি সংঘটিত হৈছে ৷ ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে দুখীয়া দৰিদ্ৰ লোকৰ বাবে দিয়া অৰুণোদয়, আৱাসগৃহ, লাখপতি বাইদেউ আদিকে ধৰি বিভিন্ন আঁচনিৰ নামত উৎকোচ দিব লাগে ৷ এই ব্যৱস্থাই দালালৰ সৃষ্টি কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে ঘাঁহ কাটিবলৈ বহি আছে নেকি বুলি খঙত অগ্নিশৰ্মা মুখ্যমন্ত্ৰীয়ে এই ব্যৱস্থাৰ অৱসান কৰিবলৈ বিজেপিয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলিও ৰাইজক আশ্বাস দিয়ে ৷ বক্তব্যত আৰু কয়, বিগত চাৰিটা দশক ইয়াৰ ৰাইজে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিব লগীয়া হৈছিল ৷ হত্যা, অপহৰণ, ধনদাবীৰ উপৰি বন্দুকৰ ভাবুকিৰে ভোট আদায় কৰিছিল ৷ কিন্তু বিজেপিৰ শাসন কালত প্ৰতিগৰাকী লোকে প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিব পৰা পৰিবেশ সৃষ্টি কৰিবলৈ বিজেপিয়ে কাম কৰি থকা বুলি অভিহিত কৰি দিল্লীত পদুম, দিছপুৰত পদুম আৰু বিটিআৰ পদুম ফুলিব বুলিও ভাষণত উল্লেখ কৰে৷

বিজেপিৰ জিলা সম্পাদক অনিৰ্বাণ দাসে পৰিচালনা কৰা বিশাল জনসভা প্ৰত্যক্ষ কৰি অভিভুত অশোক সিংঘালৰ বক্তব্যত গুমা পৰিষদীয় সমষ্টিৰ আজিৰ সভাখনক বিটিচিৰ বৃহত্তম ৰেলী বুলি অভিহিত কৰি কয়, হাজাৰ হাজাৰ ৰাইজ বিজেপিক নিৰ্বাচিত কৰিবলৈ ওলাই আহিছে৷ বিটিচিত স্থায়ী শান্তি প্ৰতিষ্ঠা, উন্নয়নৰ নীতিৰে দেশ, ৰাজ্য তথা বিটিচিক আগুৱাই যাব খোজা স্বাৱলম্বী আৰু স্বভিমানী বিজেপিক বাদ দি কোনো দলে উন্নয়ন কৰিব নোৱাৰে৷ বক্তব্যত কয়, বিজেপিয়ে বিশ বছৰৰ অন্ধকাৰ আঁতৰাই ভাল পৰিবেশ স্থাপন কৰিলে ৷ কিন্তু ভাষাৰ নামত ধৰ্মৰ নামত, জাত-পাতৰ নামত যাতে ৰাইজ বিভাজিত নহবলৈ ৰাইজক আহ্বান জনাই বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰোৱাই সমন্বয়ৰ লগতে উন্নয়নত সহায় সহযোগ কৰিবলৈ আহ্বান জনায় ।

গুমা মণ্ডলৰ সভানেত্ৰী মিনতি বালা ৰায়, বিধায়ক তথা সাধাৰণ সম্পাদক দিল্পু ৰঞ্জন শৰ্মা, বিটিচি কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, কেএচিৰ কাৰ্যবাহী সদস্য প্ৰদীপ কুমাৰ ৰায়, তত্ত্বাৱধায়ক শৈলেন্দ্ৰ ৰায়, সভাপতি গোসাঁই বসুমতাৰী আদিকে ধৰি বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীয়ে উপস্থিত থকা বিজয় সংকল্প সভাত কেএচিৰ মুখ্য কাৰ্যবাহী জীৱেশ ৰায়ে প্ৰতিকূল বতৰক নেউচি হিলদল ভাঙি ওলাই অহা ৰাইজ প্ৰত্যক্ষ কৰিব এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ গঠন হ’ব বুলি আশা প্ৰকাশ কৰে ৷ ভাষনত কয়, ৰাইজে এইবাৰ চকুত আশাৰ সঞ্চাৰ লৈ নতুন আশাৰ কিৰণ লৈ ওলাই আহিছে৷ এতিয়া বিটিচিৰ চাৰিওফালে শান্তিয়ে শান্তি ৷ এতিয়া কোনেও ভয়, ভাবুকি দিব নোৱাৰে ৷ তেখেতে ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত, মাটি পট্টা, পৰিবৰ্তন, সুৰক্ষা উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিয়াৰ আহ্বান জনায় ৷

বিজয় সংকল্প সভাত গুমা পৰিষদীয় সমষ্টিৰ প্ৰাক্তন সভাপতি নীলেশ্বৰ ৰায়ে বক্তব্য দিয়ে ৷ আনহাতে আদৰণি ভাষণ দিয়ে গুমা পৰিষদীয় সমষ্টিৰ বিজেপিৰ সম্ভাব্য প্ৰাৰ্থী তথা কাৰ্যবাহী সদস্য সজল কুমাৰ সিংহই ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande