আৰক্ষী জোৱান মানিক দাসৰ বিজনীৰ কোচপাৰা গৃহত শোকাকূল পৰিৱেশ
চিৰাং,‌ ০১ আগষ্ট (হি.স.)। গুৱাহাটীৰ কাহিলীপাৰাৰ ১০ নং বেটেলিয়ান শিৱিৰত নিজৰ চাৰ্ভিজ ৰাইফলেৰে মূৰত গুলীয়াই চৰম সিদ্ধান্ত লোৱা আৰক্ষী জোৱান মানিক দাসৰ ঘৰ চিৰাং জিলাৰ বিজনীৰ কোচপাৰাত । এই ঘটনাই বিজনীৰ কোচপাৰা গৃহত শোকাকূল পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখ্য য
আৰক্ষী জোৱান মানিক দাসৰ বিজনীৰ কোচপাৰা গৃহত শোকাকূল পৰিৱেশ


চিৰাং,‌ ০১ আগষ্ট (হি.স.)। গুৱাহাটীৰ কাহিলীপাৰাৰ ১০ নং বেটেলিয়ান শিৱিৰত নিজৰ চাৰ্ভিজ ৰাইফলেৰে মূৰত গুলীয়াই চৰম সিদ্ধান্ত লোৱা আৰক্ষী জোৱান মানিক দাসৰ ঘৰ চিৰাং জিলাৰ বিজনীৰ কোচপাৰাত । এই ঘটনাই বিজনীৰ কোচপাৰা গৃহত শোকাকূল পৰিৱেশৰ সৃষ্টি কৰে।

উল্লেখ্য যে কোচপাৰাৰ বাসিন্দা সুধাংশু দাসৰ একমাত্ৰ পুত্ৰ মানিক দাসে ২০২২ চনত অসম আৰক্ষীৰ ২৫ নং বেটেলিয়ানত যোগদান কৰিছিল।

পৰবৰ্তী সময়ত ২৫ নং বেটেলিয়ানৰ পৰা ১০ নং বেটেলিয়ানত বদলি হৈছিল মানিক দাস ।

মৃত আৰক্ষীৰ জোৱান মানিক দাসৰ ঘৰত পিতৃ-মাতৃৰ উপৰি এগৰাকী অবিবাহিত বাইদেউ আছে । আৰক্ষী জোৱান মানিক দাসে কি কাৰণত এই চৰম সিদ্ধান্ত ল'লে এই সন্দৰ্ভত কোনো তথ্য জানিব পৰা হোৱা নাই ।

আৰক্ষী জোৱান মানিক দাসৰ এই অপ্ৰত্যাশিত খবৰ লাভ কৰাৰ পিছত বিজনীৰ কোচপাৰা এলেকাত শোকৰ ছাঁ নামি পৰিছে । খবৰ লাভ কৰাৰ পিছত পৰিয়ালৰ লোক সকলে ইতিমধ্যেই গুৱাহাটী অভিমুখে ৰাওনা হৈছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande