কুডালোৰ ৰেলৱে ক্ৰছিং দুৰ্ঘটনা: দক্ষিণ ৰেলৱেই ভ্যান চালকক দোষাৰোপ, গেটমেনক বৰ্খাস্ত
চেন্নাই, ০৮ জুলাই (হি.স.)। তামিলনাডুৰ কুড্ডালোৰ জিলাৰ ৰেলৱে ক্ৰছিঙত মঙলবাৰে এখন স্কুল ভ্যানত খুন্দা মাৰে ভিল্লুপুৰম-মাইলাদুথুৰাই এক্সপ্ৰেছ ৰে’লখন। য’ত দুজন স্কুলীয়া ছাত্ৰকে ধৰি তিনিজন লোকৰ মৃত্যু হয়। দক্ষিণ ৰে’লৱেই এই ঘটনাৰ তদন্ত আৰম্ভ কৰি ভ্যান চ
Train Tragedy in Cuddalore: Southern Railway Blames Van Driver, Gatekeeper Dismissed


চেন্নাই, ০৮ জুলাই (হি.স.)। তামিলনাডুৰ কুড্ডালোৰ জিলাৰ ৰেলৱে ক্ৰছিঙত মঙলবাৰে এখন স্কুল ভ্যানত খুন্দা মাৰে ভিল্লুপুৰম-মাইলাদুথুৰাই এক্সপ্ৰেছ ৰে’লখন। য’ত দুজন স্কুলীয়া ছাত্ৰকে ধৰি তিনিজন লোকৰ মৃত্যু হয়। দক্ষিণ ৰে’লৱেই এই ঘটনাৰ তদন্ত আৰম্ভ কৰি ভ্যান চালকজনক দোষাৰোপ কৰে। ৰে’লখন ওচৰ চাপি অহাৰ পিছতো ট্ৰেক পাৰ হ’বলৈ চেষ্টা কৰে চালকজনে। ইয়াৰ লগতে ৰেলৱে ক্ৰছিঙৰ গেটমেনকো চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

খবৰ অনুসৰি এই দুৰ্ঘটনাত ৬ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ভ্যান চালকজন আহত হয় আৰু তেওঁলোকক কুড্ডালোৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা শিশু দুটাৰ নাম নিভাছ (১২) আৰু ডি চাৰুমাথি (১৬), আনহাতে বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহি আন্নাদুৰাই নামৰ ৫৫ বছৰীয়া এজন লোকৰ মৃত্যু হয়।

তামিলনাডুৰ কুড্ডালোৰ জিলাত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ তদন্তত বিশেষ কথা প্ৰকাশ পাইছে । দক্ষিণ ৰে’লৱেৰ তথ্য অনুসৰি ভ্যান চালকজনে গেটমেনক বাৰে বাৰে গেট পাৰ হ’ব বিচৰা বুলি কৈছিল যদিও গেটমেনে গেট বন্ধ কৰিবলৈ চেষ্টা কৰে। গেটমেনে গেট বন্ধ কৰাৰ আগতেই ভ্যান চালকজনে গেটখন পাৰ হ’বলৈ চেষ্টা কৰে, যাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়।

हिन्दुस्थान समाचार / Monoj Kumar Saikia


 rajesh pande