নতুন দিল্লী, ০৮ জুলাই (হি.স.)। ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে (এনচিএছচি) মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতত ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰে। এন চি এছ চিৰ অধ্যক্ষ কিশোৰ মাকৱানাই নেতৃত্ব দিয়া প্ৰতিনিধি দলটোত সদস্য লৱকুশ কুমাৰ আৰু বদ্দেপল্লী ৰামচন্দ্ৰন তথা সচিব জি শ্ৰীনিবাস উপস্থিত থাকে ।
এই প্ৰতিবেদনত অনুসূচিত জাতিৰ বাবে সাংবিধানিক বিধানসমূহৰ কাম-কাজৰ এক বিস্তৃত পৰ্যালোচনা উপস্থাপন কৰা হৈছে, ইয়াত অনুসূচীত জাতিৰ বিৰুদ্ধে সংঘটিত হোৱা অত্যাচাৰ আৰু অপৰাধৰ সৈতে জড়িত বিষয়সমূহৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰা হৈছে। ইয়াত অনুসূচিত জাতিসমূহৰ বাবে কল্যাণমূলক আঁচনি আৰু আৰ্থ-সামাজিক উন্নয়ন কাৰ্যসূচী ৰূপায়ণৰ সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে এক বিস্তৃত পৰ্যালোচনা, স্থান ভ্ৰমণ আৰু পৰামৰ্শৰ পৰা পোৱা মূল তথ্যসমূহৰ ৰূপৰেখা দাঙি ধৰা হৈছে। আয়োগে প্ৰতিষ্ঠানিক জবাবদিহিতা শক্তিশালী কৰা, ন্যায় নিশ্চিত কৰা আৰু অনুসূচিত জাতি সম্প্ৰদায়ৰ সামগ্ৰিক সবলীকৰণ বৃদ্ধিৰ লক্ষ্যৰে মূল পৰামৰ্শ আগবঢ়াইছে।
লক্ষণীয় যে ভাৰতীয় সংবিধানৰ ৩৩৮ নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগক দিয়া আদেশ অনুসৰি অনুসূচিত জাতিসমূহৰ বাবে সাংবিধানিক সুৰক্ষা ব্যৱস্থাসমূহৰ কাম-কাজ সম্পৰ্কে প্ৰতি বছৰে আৰু সময়ে সময়ে ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰত এখন প্ৰতিবেদন দাখিল কৰিবলগীয়া হয়, য’ত অনুসূচিত জাতিসমূহৰ সুৰক্ষা, কল্যাণ আৰু আৰ্থ-সামাজিক উন্নয়ন সম্পৰ্কীয় পৰামৰ্শসমূহৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহক ইয়াৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ সন্নিবিষ্ট কৰা হয় ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া