নতুন দিল্লী, ০৮ জুলাই (হি.স.)। কলকাতা আইন ছাত্ৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ তদন্তৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে গঠন কৰা চাৰিজনীয়া তথ্য সন্ধানকাৰী দলে দলৰ সভাপতি জে পি নড্ডাক প্ৰতিবেদন দাখিল কৰিছে। মঙলবাৰে তথ্য বিচাৰি উলিওৱা দলটোৰ সদস্যসকলে নড্ডাৰ বাসগৃহত নিজৰ প্ৰতিবেদন দাখিল কৰে। এই তথ্য সন্ধান সমিতিৰ ভিতৰত আছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন আৰক্ষী বিষয়া সত্যপাল সিং, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মীনাক্ষী লেখী, লোকসভাৰ সদস্য বিপ্লৱ কুমাৰ দেৱ, ৰাজ্যসভাৰ সদস্য মনন কুমাৰ মিশ্ৰ।
মঙলবাৰে জে পি নড্ডাই টুইট কৰি কয় যে কলকাতাৰ আইনৰ ছাত্ৰগৰাকীৰ বিৰুদ্ধে সংঘটিত জঘন্য অপৰাধৰ তদন্তৰ বাবে গঠন কৰা বিজেপিৰ তথ্য বিচাৰি উলিওৱা দলটোৰ প্ৰতিবেদন লাভ কৰা হৈছে। এই প্ৰতিবেদনে পশ্চিমবংগৰ অৰাজকতাৰ চৰম অৱস্থা আৰু মহিলাৰ সুৰক্ষাৰ প্ৰতি ৰাজ্য চৰকাৰৰ চিন্তনীয় অসংবেদনশীলতাক উদঙাই দিছে। সন্দেশখালিৰ পৰা আৰ জি কাৰ হাস্পতাললৈ আৰু এতিয়া এই, আৰ্হি একেই য'ত অভিযুক্তক মৌনতা, নিষ্ক্ৰিয়তা আৰু সুৰক্ষা দিয়া হৈছে।
উল্লেখযোগ্য যে কলকাতাৰ এখন আইন মহাবিদ্যালয়ত ২৪ বছৰীয়া এগৰাকী ছাত্ৰীক ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱাৰ দুদিন পিছত কেন্দ্ৰীয় পৰ্যায়ত বিজেপিয়ে এই বিষয়টোৰ তদন্তৰ বাবে চাৰিজনীয়া তথ্য সন্ধান সমিতি গঠন কৰিছিল। কমিটীৰ কথা ঘোষণা কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই এই ঘটনাক গৰিহণা দি পশ্চিমবংগৰ আইন-শৃংখলাৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া