নতুন দিল্লী, ০৬ জুলাই (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত যোৱা ব্যৱসায়িক সপ্তাহত ক্ৰয়-বিক্ৰয়ৰ বাবে দেশৰ শীৰ্ষ ১০ টা সৰ্বাধিক মূল্যৱান কোম্পানীৰ ভিতৰত ৬ টা কোম্পানীৰ মাৰ্কেট কেপ ৭০ হাজাৰ কোটি টকাতকৈও অধিক হ্ৰাস পাইছে। ইয়াৰ ভিতৰত আটাইতকৈ বেছি লোকচান হৈছে এইচ ডি এফ চি বেংক আৰু আই চি আই চি আই বেংক। আনহাতে, শীৰ্ষ দহটা কোম্পানীৰ ৪টা কোম্পানীৰ মাৰ্কেট কেপ এই সপ্তাহত ৪২ হাজাৰ কোটি টকাতকৈ অধিক বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে সৰ্বাধিক লাভৱান হৈছিল।
এই সপ্তাহৰ ব্যৱসায়ৰ সময়ছোৱাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই), ইনফ’ছিছ আৰু হিন্দুস্তান ইউনিলিভাৰৰ মাৰ্কেট কেপ ৪২,১৪৯.৬২ কোটি টকা বৃদ্ধি পাইছে। আনহাতে, এইচ ডি এফ চি বেংক, ভাৰতী এয়াৰটেল, আই চি আই চি আই বেংক, টাটা কনছালটেন্সি চাৰ্ভিচেছ (টি চি এছ), বাজাজ ফাইনেন্স, ভাৰতীয় জীৱন বীমা নিগমৰ মাৰ্কেট কেপ ৭০,৩২৫.৫০ কোটি টকা হ্ৰাস পাইছে।
৩০ জুনৰ পৰা ৪ জুলাইৰ ভিতৰত হোৱা ব্যৱসায়ৰ সময়ছোৱাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মাৰ্কেট কেপ ১৫,৩৫৯.৩৬ কোটি টকা বৃদ্ধি পাই ২০,৬৬,৯৪৯.৮৭ কোটি টকা হৈছে। একেদৰে ইনফ’ছিছৰ মাৰ্কেট কেপ ১৩,১২৭.৫১ কোটি টকা জপিয়াই ৬,৮১,৩৮৩.৮০ কোটি টকা হৈছে। ইয়াৰ উপৰিও হিন্দুস্তান ইউনিলিভাৰৰ মাৰ্কেট কেপ ৭,৯০৬.৩৭ কোটি টকা বৃদ্ধি পাই ৫,৪৯,৭৫৭.৩৬ কোটি আৰু ভাৰতীয় ষ্টেট বেংকৰ মাৰ্কেট কেপ ৫,৭৫৬.৩৮ কোটি টকা বৃদ্ধি পাই ৭,২৪,৫৪৫.২৮ কোটি টকা হৈছে।
আনহাতে, এইচ ডি এফ চি বেংকৰ মাৰ্কেট কেপ ১৯,২৮৪.৮০ কোটি টকা হ্ৰাস পাই ১৫,২৫,৩৩৯.৭২ কোটি টকা হয়। একেদৰে আইচিআইচিআই বেংকৰ মাৰ্কেট কেপ ১৩,৫৬৬.৯২ কোটি টকা হ্ৰাস পাই ১০,২৯,৪৭০.৫৭ কোটি টকা হয়। ইয়াৰ উপৰিও বাজাজ ফাইনেন্সৰ মাৰ্কেট কেপ ১৩,২৩৬.৪৪ কোটি টকা হ্ৰাস পাই ৫,৭৪,৯৭৭.১১ কোটি টকা, ভাৰতীয় জীৱন বীমা নিগমৰ মাৰ্কেট কেপ ১০,২৪৬.৪৯ কোটি টকা হ্ৰাস পাই ৫,৯৫,২৭৭.১৬ কোটি টকা, টাটা কনছালটেন্সি চাৰ্ভিচেছৰ মাৰ্কেট কেপ হ্ৰাস পাইছে ৮,০৩২.১৫ কোটি টকাৰ মূল্য ১২,৩৭,৭২৯.৬৫ কোটি টকা হোৱাৰ লগতে ভাৰতী এয়াৰটেলৰ বজাৰ মূল্য ৫,৯৫৮.৭০ কোটি টকা হ্ৰাস পাই ১১,৫০,৩৭১.২৪ কোটি টকা হয়।
মাৰ্কেট কেপৰ ক্ষেত্ৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ ২০,৬৬,৯৪৯.৮৭ কোটি টকাৰ বজাৰ মূলধনেৰে দেশৰ সৰ্বোচ্চ মাৰ্কেট কেপ কোম্পানী আছিল। ইয়াৰ পিছত এইচ ডি এফ চি বেংক (মুঠ মাৰ্কেট কেপ ১৫,২৫,৩৩৯.৭২ কোটি টকা), টি চি এছ (মুঠ মাৰ্কেট কেপ ১২,৩৭,৭২৯.৬৫ কোটি টকা), ভাৰতী এয়াৰটেল (মুঠ মাৰ্কেট কেপ ১১,৫০,৩৭১.২৪ কোটি টকা), আই চি আই চি আই বেংক (মুঠ মাৰ্কেট কেপ ১০,২৯,৪৭০.৫৭ কোটি টকা), ষ্টেট বেংক অৱ ইণ্ডিয়া (মুঠ মাৰ্কেট কেপ ৭,২৪,৫৪৫.২৮ কোটি টকা), ইনফ’ছিছ (মুঠ বজাৰ মূল্য ৬,৮১,৩৮৩.৮০ কোটি টকা), ভাৰতীয় জীৱন বীমা নিগম (এল আই চি) (মুঠ বজাৰ মূল্য ৫,৯৫,২৭৭.১৬ কোটি টকা), বাজাজ ফাইনেন্স (মুঠ বজাৰ মূল্য ৫,৭৪,৯৭৭.১১ কোটি টকা) আৰু হিন্দুস্তান ইউনিলিভাৰ (মুঠ বজাৰ মূল্য ৫,৪৯,৭৫৭.৩৬ কোটি) টকাৰ মূল্যৱান শীৰ্ষ ১০ কোম্পানীৰ তালিকাত দ্বিতীয়ৰ পৰা দশম স্থানত থাকে।
--------------
---------------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া