অলংকাৰ বজাৰত সাপ্তাহিক ভিত্তিত ১৪১০ টকাকৈ অধিক ব্যয়বহুল হৈ পৰিল সোণ
-দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কেজিত ৰূপৰ মূল্য ১,১০,০০০ টকা নতুন দিল্লী, ০৬ জুলাই (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত সোণৰ মূল্য সামান্য বৃদ্ধি পাইছে। আজি ৰূপৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই। মূল্যবৃদ্ধিৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ মূ
সোণ–ৰূপ


-দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কেজিত ৰূপৰ মূল্য ১,১০,০০০ টকা

নতুন দিল্লী, ০৬ জুলাই (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত সোণৰ মূল্য সামান্য বৃদ্ধি পাইছে। আজি ৰূপৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই। মূল্যবৃদ্ধিৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৮,৮৩০ টকাৰ পৰা ৯৮,৯৮০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে আজি ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯০,৬০০ টকাৰ পৰা ৯০,৭৫০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। মূল্যৰ কোনো পৰিৱৰ্তন নথকাৰ বাবে আজিও দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কেজি ৰূপৰ মূল্য ১,১০,০০০ টকাৰ স্তৰত আছে। সাপ্তাহিক ভিত্তিত সোমবাৰৰ পৰা শনিবাৰলৈ ব্যৱসায়ৰ অন্তত দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ১৪১০ টকা পৰ্যন্ত শক্তিশালী হৈছে। একেদৰে ২২ কেৰেটৰ সোণো যোৱা এসপ্তাহৰ ভিতৰত প্ৰতি ১০ গ্ৰামত ১৩০০ টকাকৈ ব্যয়বহুল হৈ পৰিছে। সোণৰ দৰে ৰূপৰ দামও সাপ্তাহিক ভিত্তিত শক্তিশালী হৈছে। সোমবাৰৰ পৰা শনিবাৰলৈ ৰূপৰ ব্যৱসায়ৰ পিছত প্ৰতি কেজিত ২২০০ টকাকৈ ব্যয়বহুল হৈ পৰিছে ৰূপ।

আজি দিল্লীত ২৪ কেৰেট সোণৰ মূল্য ৯৮,৯৮০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯০,৭৫০ টকা ৰেকৰ্ড কৰা হৈছে। একে সময়তে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৮,৮৩০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯০,৬০০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৯৮,৮৮০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৯০,৬৫০ টকা। এই প্ৰধান চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৮,৮৩০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯০,৬০০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৮,৮৩০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেটৰ সোণৰ মূল্য ৯০,৬০০ টকা।

লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৮,৯৮০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯০,৭৫০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য ৯৮,৮৮০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯০,৬৫০ টকা। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৮,৯৮০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯০,৭৫০ টকাত বিক্ৰী হৈছে।

দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ দাম ব্যয়বহুল হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ৯৮,৮৩০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯০,৬০০ টকাকৈ বিক্ৰী কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande