সাপ্তাহিক শ্বেয়াৰ পৰ্যালোচনা: অৱনমনৰ সৈতে শ্বেয়াৰ বজাৰ বন্ধ, যোৱা দুসপ্তাহৰ অগ্ৰগতি হ্ৰাস
নতুন দিল্লী, ০৬ জুলাই (হি.স.)। যোৱা ব্যৱসায়িক সপ্তাহত ঘৰুৱা শ্বেয়াৰ বজাৰখন বেছিভাগ সময়তে হেঁচাত পৰা দেখা গৈছিল। ইয়াৰ বাবেই ৪ জুলাইত সমাপ্ত হোৱা সপ্তাহটোত শ্বেয়াৰ বজাৰে প্ৰথম দুসপ্তাহত লাভ কৰা লাভ হেৰুৱাই পেলায়। শুকুৰবাৰে সমাপ্ত হোৱা সপ্তাহটোত ব
শ্বেয়াৰ বজাৰ


নতুন দিল্লী, ০৬ জুলাই (হি.স.)। যোৱা ব্যৱসায়িক সপ্তাহত ঘৰুৱা শ্বেয়াৰ বজাৰখন বেছিভাগ সময়তে হেঁচাত পৰা দেখা গৈছিল। ইয়াৰ বাবেই ৪ জুলাইত সমাপ্ত হোৱা সপ্তাহটোত শ্বেয়াৰ বজাৰে প্ৰথম দুসপ্তাহত লাভ কৰা লাভ হেৰুৱাই পেলায়। শুকুৰবাৰে সমাপ্ত হোৱা সপ্তাহটোত বিএছই চেন্সেক্সৰ মূল্য ৮৩,৪৩২.৮৯ পইণ্টত বন্ধ হয়, যিটো সাপ্তাহিক ভিত্তিত ৬২৬.০১ পইণ্ট বা ০.৭৪ শতাংশ হ্ৰাস পাইছে। একেদৰে এন এছ ইৰ নিফটিয়ে যোৱা সপ্তাহত ২৫,৪৬১ পইণ্টত ১৭৬.৮০ পইণ্ট বা সাপ্তাহিক ভিত্তিত ০.৬৮ শতাংশ দুৰ্বলতাৰে সমাপ্ত হয়।

যোৱা সপ্তাহৰ ব্যৱসায়ৰ সময়ত বিএছই লাৰ্জকেপ সূচকাংকত ০.৬০ শতাংশ হ্ৰাস পোৱা গৈছে। এই সূচকাংকত আটাইতকৈ বেছি লোকচান হৈছে ট্ৰেণ্ট লিমিটেড, চোলামণ্ডলম ইনভেষ্টমেণ্ট এণ্ড ফাইনেন্স কোম্পানী, এছ বি আই কাৰ্ডছ এণ্ড পেমেণ্ট চাৰ্ভিচেছ, ইউনাইটেড স্পিৰিটছ, হুণ্ডাই মটৰ ইণ্ডিয়া আৰু ছুইগী। আনহাতে, মানকাইণ্ড ফাৰ্মা, বছ, ইণ্ডিয়ান অভাৰচিজ বেংক, ডিভিজ লেবৰেটৰীজ, পঞ্জাব নেচনেল বেংক, ভাৰত পেট্ৰলিয়াম কৰ্পৰেশ্যন আৰু ছিমেন্স।

লাৰ্জকেপ সূচকাংকৰ বিপৰীতে যোৱা সপ্তাহৰ ব্যৱসায়ৰ সময়ছোৱাত বিএছই মিডকেপ সূচকাংকত ০.৬০ শতাংশ বৃদ্ধি পোৱা গৈছে। এই সূচকাংকত অন্তৰ্ভুক্ত ৰিলেক্সো ফুটৱেয়াৰ্ছ, ল’ৰাছ লেবছ, জিএমআৰ এয়াৰপ’ৰ্টছ, গ্লেনমাৰ্ক ফাৰ্মা, আইপিচিএ লেবৰেটৰীজ, এণ্ডুৰেন্স টেকন’লজিছ, অ’ৰবিণ্ডো ফাৰ্মাচিউটিকেল, আইডিএফচি ফাৰ্ষ্ট বেংক, বালকৃষ্ণ ইণ্ডাষ্ট্ৰীজ, বায়’কন আৰু কল্যাণ জুৱেলাৰ্ছ ইণ্ডিয়াৰ শ্বেয়াৰ ক্ৰয়ৰ সহযোগত লাভজনক তালিকাত যোগদান কৰে। আনহাতে, গ’ ডিজিট জেনেৰেল ইনশ্বুৰেন্স, ক’ৰ’মেণ্ডেল ইণ্টাৰনেশ্যনেল, গ’ড্ৰেজ ইণ্ডাষ্ট্ৰীজ, এফ এছ এন ই-কমাৰ্চ ভেঞ্চাৰছ আৰু ব্ৰেইনবিজ ছলিউচনৰ শ্বেয়াৰ শীৰ্ষ হেৰুৱাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।

যোৱা সপ্তাহৰ ব্যৱসায়ৰ সময়ত বিএছইৰ স্মলকেপ সূচকাংকই সৰ্বোচ্চ এক শতাংশ শক্তি লাভ কৰিবলৈ সক্ষম হয়। এই সূচকাংকত অন্তৰ্ভুক্ত গেব্ৰিয়েল ইণ্ডিয়া, সিন্ধু ট্ৰেড লিংকছ, এছএমএল ইছুজু, এনএচিএল ইণ্ডাষ্ট্ৰীজ, পিচি জুৱেলাৰ্ছ, চাইন পোষ্ট ইণ্ডিয়া আৰু প্ৰাইম ফ’কাছৰ শ্বেয়াৰত সাপ্তাহিক ভিত্তিত ২০ৰ পৰা ৪২ শতাংশ বৃদ্ধি পোৱা গৈছে। ছিগাচি ইণ্ডাষ্ট্ৰীজ, সাধনা নাইট্ৰ’কেম, নুভামা ৱেলথ মেনেজমেণ্ট, জিন্দাল ৱৰ্ল্ডৱাইড, ড্ৰিমফ’ক চাৰ্ভিচেছ, সন্মান কেপিটেল আৰু নাৰায়ণ হৃদয়ালয়ৰ শ্বেয়াৰ সাপ্তাহিক ভিত্তিত ১১ৰ পৰা ২২ শতাংশ হ্ৰাস পাইছে।

খণ্ডগত দিশত যোৱা সপ্তাহৰ ব্যৱসায়ৰ সময়ছোৱাত ৰিয়েলটি খণ্ডত প্ৰায় দুশতাংশ হ্ৰাস পাইছে। একেদৰে নিফটিৰ বেংক ইনডেক্স আৰু এফএমচিজি ইনডেক্সো ০.৭০ শতাংশ দুৰ্বলতাৰে বন্ধ হয়। আনহাতে, পি এছ ইউ বেংক সূচকাংক আৰু ফাৰ্মাচিউটিকেল সূচকাংকত ২ শতাংশ পৰ্যন্ত লাভ পঞ্জীয়ন কৰা হৈছে। একেদৰে মিডিয়া আৰু আই টি সূচকাংকতো প্ৰায় ১ শতাংশ বৃদ্ধিৰে বন্ধ হ’বলৈ সক্ষম হয়।

বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰী (এফআইআই) আৰু ঘৰুৱা প্ৰতিষ্ঠানিক বিনিয়োগকাৰী (ডিআইআই)ৰ কথা ক’বলৈ গ’লে, যোৱা সপ্তাহৰ ব্যৱসায়ত বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকলে যোৱা দুসপ্তাহ ধৰি অবিৰত ক্ৰয়ৰ ধাৰাবাহিকতাক বিৰতি দিছিল। এই সপ্তাহত বিদেশী বিনিয়োগকাৰীয়ে ৬,৬০৪.৫৬ কোটি টকা বিক্ৰী কৰে। আনহাতে, ঘৰুৱা প্ৰতিষ্ঠানিক বিনিয়োগকাৰীয়ে একেৰাহে ১১ সংখ্যক সপ্তাহ ধৰি ক্ৰয়ৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে। যোৱা সপ্তাহৰ ব্যৱসায়ৰ সময়ছোৱাত ঘৰুৱা প্ৰতিষ্ঠানিক বিনিয়োগকাৰীয়ে শ্বেয়াৰ বজাৰত মুঠ ৭,৬০৯.৪২ কোটি টকা ক্ৰয় কৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande