চুৰিৰ গোচৰত গ্ৰেপ্তাৰ দুজন, আৰক্ষীয়ে উদ্ধাৰ কৰে চিলিণ্ডাৰ আৰু স্কুটিৰ লগতে বহু সামগ্ৰী
গুৱাহাটী, ০৬ জুলাই (হি.স.)। বশিষ্ঠ থানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন চোৰক। বশিষ্ঠ আৰক্ষীয়ে লালমাটি অঞ্চলত তালাচী অভিযান চলাই এজন চোৰক গ্ৰেপ্তাৰ কৰে। অভিযুক্তৰ নাম সোহিল হুছেইন। লালমাটিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত গ্ৰেপ্তাৰ কৰে অভিযুক্তক। তেওঁৰ
চুৰিৰ গোচৰত গ্ৰেপ্তাৰ দুজন, আৰক্ষীয়ে উদ্ধাৰ কৰে চিলিণ্ডাৰ আৰু স্কুটিৰ লগতে বহু সামগ্ৰী


গুৱাহাটী, ০৬ জুলাই (হি.স.)। বশিষ্ঠ থানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন চোৰক। বশিষ্ঠ আৰক্ষীয়ে লালমাটি অঞ্চলত তালাচী অভিযান চলাই এজন চোৰক গ্ৰেপ্তাৰ কৰে। অভিযুক্তৰ নাম সোহিল হুছেইন। লালমাটিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত গ্ৰেপ্তাৰ কৰে অভিযুক্তক।

তেওঁৰ পৰা উদ্ধাৰ হোৱা চুৰি সামগ্ৰীসমূহৰ ভিতৰত আছে ইণ্ডেন কোম্পানীৰ ভৰ্তি এল পি জি চিলিণ্ডাৰ, নম্বৰ প্লেট নথকা চুজুকি স্কুটি আৰু ৰিয়েলমে মোবাইল ফোন।

জেৰাৰ সময়ত অভিযুক্তই দিয়া তথ্যৰ ভিত্তিত হাতীগাঁও থানা এলেকাৰ অন্তৰ্গত নাটবোমাৰ চুকাফা নগৰত আন এক তালাচী অভিযান চলাই চুৰি সামগ্ৰীৰ ক্ৰেতা আবু বক্কৰ (৫৭)ক গ্ৰেপ্তাৰ কৰা হয়।

আবু বক্কৰৰ হাতত উদ্ধাৰ হোৱা চুৰি সামগ্ৰীসমূহৰ ভিতৰত আছে চাৰিটা এল পি জি চিলিণ্ডাৰ (এটা খালী আছিল) আৰু এটা কি-পেড মোবাইল ফোন।

আৰক্ষীয়ে দুয়ো অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা আৰম্ভ কৰিছে আৰু অধিক তদন্ত অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande