মঙ্গলদৈ চহৰত ঘৰত কোনো নথকাৰ সুযোগ লৈ চুৰিকাণ্ড
দৰং, ০৬ জুলাই (হি.স.)। সম্প্ৰতি চোৰৰ ঘাটিত পৰিণত হৈছে মঙলদৈ চহৰ। ঘৰত কোনো নাথাকিলেই চোৰে লুটি লৈ যায় ধন সম্পত্তি। আনহাতে আৰক্ষীৰ পহৰা নোহোৱা হৈ পৰাৰ লগতে গাওঁৰক্ষী বাহিনীৰো তৎপৰতা নোহাৱা হৈ পৰিছে । ফলত ঘৰ এৰি যাবলৈ শংকিত হৈ পৰিছে চহৰ বাসী লোকসকল।
মঙ্গলদৈ চহৰত ঘৰত কোনো নথকাৰ সুযোগ লৈ চুৰিকাণ্ড


দৰং, ০৬ জুলাই (হি.স.)। সম্প্ৰতি চোৰৰ ঘাটিত পৰিণত হৈছে মঙলদৈ চহৰ। ঘৰত কোনো নাথাকিলেই চোৰে লুটি লৈ যায় ধন সম্পত্তি। আনহাতে আৰক্ষীৰ পহৰা নোহোৱা হৈ পৰাৰ লগতে গাওঁৰক্ষী বাহিনীৰো তৎপৰতা নোহাৱা হৈ পৰিছে । ফলত ঘৰ এৰি যাবলৈ শংকিত হৈ পৰিছে চহৰ বাসী লোকসকল। যোৱানিশা স্বৰ্গীয় হৰি পদ ঘোষ নামৰ লোকজনৰ ঘৰত সংঘটিত হল চুৰি কাণ্ড।

উল্লেখ্য যে ১৫ দিন পূৰ্বে হৰি পদ ঘোষৰ মৃত্যু হৈছিল। যোৱা পৰহি তেওঁৰ সকাম শেষ হোৱাৰ পিছত আত্মীয়ৰ ঘৰত ভাত খাব মাতিছিল। পৰিয়ালটি নিশা আলহীৰ ঘৰত থকাৰ সুযোগ লৈ চোৰে লুটি নিলে সকলো। পিছে চোৰৰ ভাগ্য বেয়া, টকা আৰু অলংকাৰ থকা মোনা বিচাৰি নাপালে চোৰে। মাত্ৰ হাতৰ খাৰু কেইজোৰমানহে নিবলৈ সক্ষম হয়।

ইফালে স্মাৰ্ট আৰক্ষীেয়ে এচি কোঠাত থাকিয়ে তদন্ত সামৰা বাবে আজিলৈকে চোৰ ধৰা পৰা নাই। আনহাতে পূৰ্বৰ দৰে মঙলদৈ চহৰত নাই নৈশ পুলিচ পহৰাৰ ব্যৱস্থা। ইয়াকে লৈ ৰাইজ শংকিত হৈ পৰিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande