চিলাপথাৰত সংঘটিত হোৱা চুৰি কাণ্ডত জৰিত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
ধেমাজি, ০৬ জুলাই (হি.স.)। ধেমাজি জিলাৰ চিলাপথাৰত যোৱা ১তাৰিখে সংঘটিত হোৱা চুৰি কাণ্ডত জৰিত তিনি অভিযুক্তক চিলাপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। চিলাপথাৰ আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে চিলাপথাৰ চেম্বাৰ্চ অফ কমাৰ্চে। যোৱা ১ জোলাই তাৰিখে চিলাপথা
চিলাপথাৰত সংঘটিত হোৱা চুৰি কাণ্ডত জৰিত তিনি অভিযুক্তক গ্ৰেপ্তাৰ


ধেমাজি, ০৬ জুলাই (হি.স.)। ধেমাজি জিলাৰ চিলাপথাৰত যোৱা ১তাৰিখে সংঘটিত হোৱা চুৰি কাণ্ডত জৰিত তিনি অভিযুক্তক চিলাপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। চিলাপথাৰ আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে চিলাপথাৰ চেম্বাৰ্চ অফ কমাৰ্চে।

যোৱা ১ জোলাই তাৰিখে চিলাপথাৰত মাৰণাস্ত্ৰ দেখুৱাই ব্যৱসায়ী আবতাব আলমৰপৰা লুটি নিচিল প্ৰায় ২ লক্ষ্য টকাৰ লগতে সোণৰ গহণা। অভিযোগ অনুসৰি কালি চিলাপথাৰ আৰক্ষীৰ তৎপৰতাত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। অভিযুক্ত সকল ক্ৰমে (১) শ্ৰী ৰাজু টান্তি (২৪) পিতাঃ শ্ৰী সপ্নে টান্তি, গাঁও- খুমটাই চকালিয়া, (২) শ্ৰী লাটুৰাম টান্তি, বয়স (৩০) পিতাঃ শ্ৰী মহেন্দ্ৰ টান্তি, গাঁও- খুমটাই চকালিয়া,

(৩) মোঃ হুছেইন আলি (৩২) পিতাঃ মোঃ আনোৱৰ আলি, গাঁও- খাটখাটি; থানাঃ মৰাণহাট, জিলাঃ চৰাইদেউৰ অন্তৰ্গত।

এইসকল অভিযুক্তই চিলাপথাৰ আৰক্ষী থানাৰ কেছ নং ১৩৮/২৫, ধাৰা ৩০৯(৬) বিএনএছ আৰু অস্ত্ৰ আইনৰ ২৭ নম্বৰ ধাৰাৰ সৈতে জড়িত। ঘটনাত জৰিত দোষীক গ্ৰেপ্তাৰ কৰাত চেম্বাৰ্চ অফ কমাৰ্চ তৰফৰ পৰা লগতে চিলাপথাৰৰ সমুহ ব্যৱসায়ী সকলে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ বাবে আহ্বান জনায়।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande