ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোডী, প্ৰবাসী ভাৰতীয়ৰ মাজত ব্যাপক উৎসাহ
ৰিঅ’ ডি জেনেইৰ’, ০৬ জুলাই (হি.স.)। চাৰিদিনীয়া ভ্ৰমণসূচীৰে ব্ৰাজিলত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই সময়ছোৱাত তেওঁ ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোডীৰ পাঁচখন দেশ ভ্ৰমণৰ এয়া চতুৰ্থ পৰ্যায়। তেওঁৰ এই ভ্ৰমণক লৈ প্ৰ
ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোডী


ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোডী, প্ৰবাসী ভাৰতীয়ৰ মাজত ব্যাপক উৎসাহ


ৰিঅ’ ডি জেনেইৰ’, ০৬ জুলাই (হি.স.)। চাৰিদিনীয়া ভ্ৰমণসূচীৰে ব্ৰাজিলত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই সময়ছোৱাত তেওঁ ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোডীৰ পাঁচখন দেশ ভ্ৰমণৰ এয়া চতুৰ্থ পৰ্যায়। তেওঁৰ এই ভ্ৰমণক লৈ প্ৰবাসী ভাৰতীয়সকলৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে। ব্ৰাজিলত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ তেওঁলোকে উষ্ম আদৰণি জনাইছিল।

শনিবাৰে সন্ধিয়া (স্থানীয় সময় অনুসৰি) ৰিঅ’ ডি জেনেইৰ’ৰ গেলিয়াও আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোডীক উষ্ম আদৰণি জনোৱা হয়। ৰাষ্ট্ৰপতি লুইছ ইনাচিও লুলা দা চিলভাৰ আমন্ত্ৰণত ব্ৰাজিলত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোডীয়ে ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হ’বলগীয়া ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব, তাৰ পিছত তেওঁ ৰাজ্যিক ভ্ৰমণলৈ যাব।

প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে তেওঁ ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত উপস্থিত হ’ল, য’ত মই ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিম আৰু পিছত ৰাষ্ট্ৰপতি লুলাৰ আমন্ত্ৰণত ৰাজধানী ব্ৰাজিলিয়ালৈ যাম। এই বৈঠক আৰু আলোচনাৰ পৰা এক উৎপাদনশীল পৰ্যায় আশা কৰা হৈছে।

তেওঁ ইয়াত ৰাষ্ট্ৰপতি লুলাৰ সৈতে দুয়োখন দেশৰ মাজত বাণিজ্য, প্ৰতিৰক্ষা, শক্তি, মহাকাশ, প্ৰযুক্তি, কৃষি, স্বাস্থ্যকে ধৰি কৌশলগত অংশীদাৰিত্ব সম্প্ৰসাৰণৰ ক্ষেত্ৰত দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। এই ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে ৬ আৰু ৭ জুলাইত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত ৰাজ্যিক ভ্ৰমণলৈ যাব, যাৰ বাবে তেওঁ ব্ৰাজিলিয়া ভ্ৰমণ কৰিব।

ব্ৰিকছৰ সদস্য দেশ হিচাপে ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকা আছে, য'ত এই সংস্থাটোক অতিৰিক্ত পাঁচখন সদস্য দেশ ইজিপ্ত, ইথিওপিয়া, ইৰাণ, চৌদি আৰব আৰু ইউ এ ইৰ সৈতে সম্প্ৰসাৰণ কৰা হৈছে।

---------------

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande