ৱাশ্বিংটন, ০৬ জুলাই (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰাক্তন ঘনিষ্ঠ মিত্ৰ টেছলাৰ মালিক তথা বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কে শনিবাৰে এটা নতুন ৰাজনৈতিক দল ঘোষণা কৰি কয় যে আমেৰিকাৰ “একদলীয় ব্যৱস্থা”ক প্ৰত্যাহ্বান জনোৱাটো প্ৰয়োজনীয়। ২০২৪ চনৰ নিৰ্বাচনত মাস্ক ট্ৰাম্পৰ আটাইতকৈ ডাঙৰ দাতা আছিল যদিও ৱান বিগ বিউটিফুল বিলক লৈ বিবাদৰ পিছত দুয়োৰে মাজত বিচ্ছেদ ঘটিছিল।
ইলন মাস্কে শনিবাৰে নিজৰ ৰাজনৈতিক দলৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰি তুলিলে । শনিবাৰে তেওঁ ঘোষণা কৰে যে তেওঁ ‘আমেৰিকান পাৰ্টি’ আৰম্ভ কৰিছে, যিটো আমেৰিকাৰ নাগৰিকসকলক তেওঁলোকৰ স্বাধীনতা ঘূৰাই দিয়াৰ বাবে ৰচনা কৰা হৈছে। তেওঁ পোষ্টটোত লিখিছে - যেতিয়া আমাৰ দেশখনক দুৰাৱস্থা আৰু দুৰ্নীতিৰে দেউলীয়া কৰাৰ কথা আহে, আমি গণতন্ত্ৰত নহয়, একদলীয় ব্যৱস্থাত বাস কৰোঁ। তেওঁ দাবী কৰিছিল যে তেওঁৰ দলটো আমেৰিকাৰ জনসাধাৰণৰ বাবে এক প্ৰকৃত ৰাজনৈতিক বিকল্প হৈ পৰিব।
যি সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে তেওঁৰ সম্পৰ্ক অৱনতি ঘটিছে সেই সময়তে মাস্কে নতুন ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত লৈছে।
২০২৪ চনৰ নিৰ্বাচনত ট্ৰাম্পৰ দলৰ বাবে সৰ্বাধিক দান দিয়াই নহয়, তেওঁ আছিল অন্যতম বিশ্বাসযোগ্য মিত্ৰ। কিন্তু অতি সোনকালেই ৱান বিগ বিউটিফুল বিলক লৈ দুয়োৰে মাজত ইমানেই মতানৈক্যৰ সৃষ্টি হ’ল যে তেওঁলোকৰ মাজত বিচ্ছেদ ঘটিল। এই বিধেয়কখনে আমেৰিকাৰ ঋণ ভয়ংকৰভাৱে বৃদ্ধি কৰিব বুলি দাবী কৰি মাস্কে প্ৰত্যাহ্বান জনায় যে যদি ট্ৰাম্পে এই বিধেয়কখন গৃহীত কৰে তেন্তে তেওঁ নতুন ৰাজনৈতিক দল গঠন কৰিব। সেয়েহে ৱান বিগ বিউটিফুল বিল গৃহীত হোৱাৰ লগে লগে মাস্কে নতুন ৰাজনৈতিক দলৰ কথা ঘোষণা কৰিলে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া