ইজৰাইলৰ সৈতে হোৱা সংঘাতৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত প্ৰত্যক্ষ ইৰাণৰ সৰ্বোচ্চ নেতা খামেনেই
তেহৰাণ, ০৬ জুলাই (হি.স.)। ইজৰাইলৰ সৈতে ইৰাণৰ ১২ দিনীয়া সংঘাতৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত হাজিৰ হয় ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই। ৫ জুলাইত মুহাৰমৰ শোক শোভাযাত্ৰাত তেওঁক দেখা গৈছিল। তেহৰাণৰ আছুৰাৰ প্ৰাকক্ষণত মুহাৰমৰ শোক শোভাযাত্
ইৰাণৰ সৰ্বোচ্চ নেতা খামেনেই


তেহৰাণ, ০৬ জুলাই (হি.স.)। ইজৰাইলৰ সৈতে ইৰাণৰ ১২ দিনীয়া সংঘাতৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত হাজিৰ হয় ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই। ৫ জুলাইত মুহাৰমৰ শোক শোভাযাত্ৰাত তেওঁক দেখা গৈছিল। তেহৰাণৰ আছুৰাৰ প্ৰাকক্ষণত মুহাৰমৰ শোক শোভাযাত্ৰাত উপস্থিত হৈছিল খামেনেই। ১৩ জুনত ইজৰাইলৰ আক্ৰমণৰ পিছত খামেনেইক ৰাজহুৱাভাৱে দেখা পোৱা নাছিল।

তেহৰাণ টাইমছৰ বাতৰি অনুসৰি ইৰাণৰ সৰ্বোচ্চ নেতা খামেনেই ৫ জুলাইত মুহাৰমৰ শোক শোভাযাত্ৰাত যোগদান কৰিছিল। মুহাৰমৰ দশম দিনটোক আছুৰা বুলি কোৱা হয়। তেহৰাণৰ আছুৰাৰ প্ৰাকক্ষণত মুহাৰমৰ শোক শোভাযাত্ৰাত ৰাজহুৱা স্থানত উপস্থিত হৈছিল খামেনেই। ইৰাণ আৰু ইজৰাইলৰ মাজত ১২ দিন ধৰি চলি থকা সামৰিক সংঘাতৰ অন্ত পৰে ২৪ জুনত। এই সংঘাতৰ সময়ত খামেনীক ৰাজহুৱাভাৱে দেখা পোৱা নগ’ল। কটকটীয়া নিৰাপত্তাৰ মাজত অচিনাকি স্থানত আছিল তেওঁ।

এই সংঘাতৰ সময়ত ইজৰাইলৰ আক্ৰমণত ইৰাণৰ বহু শীৰ্ষ সেনাপতি আৰু পাৰমাণৱিক বিজ্ঞানী নিহত হোৱাৰ বাবে খামেনেইৰ নিৰাপত্তাক লৈ যথেষ্ট চিন্তাৰ সৃষ্টি হৈছিল। ইজৰাইলৰ সৈতে এই সংঘৰ্ষৰ সময়ত খামেনেইৰ কিছু ভিডিঅ’ মেছেজ আহিছিল। বাংকাৰত লুকাই থকা বুলি জল্পনা-কল্পনা কৰা হৈছিল।

মন কৰিবলগীয়া যে ১৩ জুনৰ পৰা ইজৰাইলে ইৰাণক অবিৰতভাৱে আক্ৰমণ কৰি আহিছে। বিশেষকৈ ২২ জুনত ইজৰাইলৰ সমৰ্থনত আমেৰিকাই অৱতৰণ কৰাৰ পিছত পৰিস্থিতি বহুত বেয়া হৈ পৰে। ইৰাণ, ফৰ্ডো, নাটানজ আৰু ইছফাহানৰ ৩টা পাৰমাণৱিক ঘাটিত আমেৰিকাই আক্ৰমণ চলায়। এই আক্ৰমণত ইৰাণৰ পাৰমাণৱিক ঘাটি, প্ৰতিৰক্ষা ব্যৱস্থা, সেনাৰ শীৰ্ষ বিষয়া আৰু পাৰমাণৱিক বিজ্ঞানীসকলক লক্ষ্য কৰি লোৱা হৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে ইজৰাইলৰ ওপৰত ৫৫০ৰো অধিক বেলিষ্টিক মিছাইল নিক্ষেপ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande