ভাৰতৰ বিৰুদ্ধে বাকী থকা টি-২০ মেচৰ পৰা বাদ পৰিল নেট স্কাইভাৰ-ব্ৰাণ্ট, টেমি বিউমন্ট অধিনায়ক
লণ্ডন, ০৫ জুলাই (হি.স.)। ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলটোৱে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ভাৰতৰ বিৰুদ্ধে চলি থকা ভিটালিটি টি-২০ ইণ্টাৰনেশ্যনেল ছিৰিজৰ বাকী মেচত বাওঁফালৰ উৰুৰ আঘাতৰ বাবে অধিনায়ক নেট স্কাইভাৰ-ব্ৰাণ্টক বাদ দিয়া হৈছে। ইংলেণ্ড আৰু ৱেলছ ক্ৰ
নেট স্কাইভাৰ-ব্ৰাণ্ট


লণ্ডন, ০৫ জুলাই (হি.স.)। ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলটোৱে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ভাৰতৰ বিৰুদ্ধে চলি থকা ভিটালিটি টি-২০ ইণ্টাৰনেশ্যনেল ছিৰিজৰ বাকী মেচত বাওঁফালৰ উৰুৰ আঘাতৰ বাবে অধিনায়ক নেট স্কাইভাৰ-ব্ৰাণ্টক বাদ দিয়া হৈছে। ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে শনিবাৰে এই কথা নিশ্চিত কৰিছে।

ইচিবিয়ে নিজৰ আনুষ্ঠানিক বিবৃতিত কয় যে, স্কেনে নিশ্চিত কৰিছে যে ব্রিষ্টলত বাওঁ উৰুৰ আঘাতৰ বাবে ভাৰতৰ বিৰুদ্ধে বাকী থকা টি-২০ মেচসমূহত নেট স্কাইভাৰ-ব্রাণ্টে খেলিব নোৱাৰিব। তেওঁৰ ঠাইত মায়া বাউচাৰক দলত অন্তৰ্ভুক্ত কৰা হৈছে।

ব্রিষ্টলত খেলা দ্বিতীয়খন টি-২০ খেলৰ সময়ত আঘাতৰ বাবে নেট স্কাইভাৰ-ব্রাণ্টে খেলপথাৰ এৰিবলগীয়া হৈছিল ৷ সেই মেচখনত উপ-অধিনায়ক ছফিয়া ডাংকলেই সাময়িকভাৱে অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিছিল যদিও ইংলেণ্ডে ২৪ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। এতিয়া তেওঁৰ অনুপস্থিতিত অভিজ্ঞ বেটছমেন টেমি বিউমণ্টে ইংলেণ্ডৰ অধিনায়কত্ব কৰিব। বিউমণ্টে এতিয়ালৈকে ২৪৭খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে আৰু প্ৰথমবাৰৰ বাবে ইংলেণ্ড মহিলা টি-২০ দলৰ অধিনায়কত্ব কৰিব।

শুকুৰবাৰে খেলা তৃতীয়খন মেচত ইংলেণ্ড দলটোৱে পাঁচ ৰানৰ ৰোমাঞ্চকৰ জয় পঞ্জীয়ন কৰাৰ লগতে ভাৰত এতিয়া পাঁচখন খেলৰ শৃংখলাত ২-১ ব্যৱধানত আগবাঢ়ি আছে ৷ একে সময়তে ইচিবিয়ে এই কথাও জনাইছে যে এদিনীয়া শৃংখলাৰ বাবে স্কিভাৰ-ব্ৰাণ্ট উপলব্ধ হোৱাৰ সম্ভাৱনা আছে। চতুৰ্থ আৰু পঞ্চম টি-২০ মেচ ক্ৰমে ৯ আৰু ১২ জুলাইত মানচেষ্টাৰ আৰু বাৰ্মিংহামত অনুষ্ঠিত হ'ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande