কেলগাৰী, ০৫ জুলাই (হি স)। উজ্জ্বল প্ৰদৰ্শনেৰে ভাৰতৰ কিদাম্বী শ্ৰীকান্তে কানাডা অ’পেন ছুপাৰ ৩০০ বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। পুৰুষৰ একক কোৱাৰ্টাৰ ফাইনেলত তেওঁ শীৰ্ষ বাচনিৰ আৰু বিশ্বৰ ৬ নম্বৰ চৌ টিয়েন-চেন (চীনা টাইপেই)ক ২১-১৮, ২১-৯ ব্যৱধানত পোনপটীয়া ছেটত পৰাস্ত কৰে।
৪৩ মিনিটৰ খেলখনত শ্ৰীকান্তই আৰম্ভণিৰে পৰাই আগ্ৰাসীভাৱে খেলি প্ৰথমখন খেলত ৫-০ পইন্টত অগ্ৰগতি লাভ কৰি আধিপত্য বিস্তাৰ কৰে। যদিও চৌৱে কামবেক কৰিবলৈ চেষ্টা কৰিছিল আৰু লগতে ১৭-১৬ ব্যৱধানত অগ্ৰগতি লাভ কৰিছিল, তথাপিও শ্ৰীকান্তই পৰৱৰ্তী ছয় পইণ্টৰ ভিতৰত ৫টা পইণ্ট লাভ কৰি প্ৰথমখন খেলত জয়লাভ কৰিছিল। দ্বিতীয়খন খেলত তেওঁ ৪-৪ৰ পিছত ছন্দ ধৰিছিল আৰু ১১-৬ ব্যৱধানত অগ্ৰগতি লাভ কৰাৰ পিছত ১৯-৭ ব্যৱধানত উপনীত হৈ মেচখন সহজেই জয়ী হৈছিল।
বৰ্তমান বিশ্ব ৰেংকিঙত ৪৯ নম্বৰ স্থানত থকা ৩২ বছৰীয়া শ্ৰীকান্তে এতিয়া ফাইনেলত প্ৰৱেশৰ বাবে তৃতীয় ছিড জাপানৰ কেন্টা নিছিমোটোৰ মুখামুখি হ’ব। এই পৰ্যন্ত দুয়োৰে মাজত খেলা মেচত শ্ৰীকান্তে ৬-৪ ব্যৱধানত আগবাঢ়ি আছে যদিও শেষৰখন খেলত ২০২৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপত নিছিমোটোৰ হাতত পৰাস্ত হৈছিল।
ইয়াৰ পূৰ্বে ভাৰতৰ এছ শংকৰ মুথুছামী সুব্ৰমণিয়ামেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও নিশিমোটোৰ হাতত ১৫-২১, ২১-৫, ১৭-২১ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই খেলখন ৭৯ মিনিট ধৰি চলিছিল।
মহিলা একক শাখাত ভাৰতৰ শ্ৰিয়ানশী বালিশেট্টীৰ সুন্দৰ যাত্ৰাৰ কোৱাৰ্টাৰ ফাইনেলত অন্ত পৰিল । তেএওঁ ডেনমাৰ্কৰ এমেলি শ্বুলজৰ হাতত পৰাস্ত হয়। এতিয়া ২ লাখ ৪০ হাজাৰ মাৰ্কিন ডলাৰৰ পুৰস্কাৰ ধনৰাশিৰ এই প্ৰতিযোগিতাখনত শ্ৰীকান্ত হৈছে বাকী থকা ভাৰতৰ একমাত্ৰ প্ৰতিনিধি আৰু দেশখনে তেওঁৰ পৰা খিতাপৰ আশা কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া