গণ্ডোমাৰ (পৰ্তুগাল), ০৫ জুলাই (হি.স.)। লিভাৰপুল আৰু পৰ্তুগালৰ তাৰকা ফুটবলাৰ ডিঅ’গো জোটা আৰু তেওঁৰ কনিষ্ঠ ভাতৃ আন্দ্ৰে ছিলভাৰ শনিবাৰে পৰ্তুগালৰ গণ্ডোমাৰত শেষকৃত্য সম্পন্ন কৰা হয়। দুদিন পূৰ্বে স্পেইনত সংঘটিত হোৱা এক মৰ্মান্তিক গাড়ী দুৰ্ঘটনাত দুয়োজন ভাতৃৰ মৃত্যু হৈছিল।
লিভাৰপুলৰ খেলুৱৈ, পৰ্তুগীজ ৰাষ্ট্ৰীয় দলৰ সদস্য আৰু শতাধিক আত্মীয় আৰু স্থানীয় লোকে অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে। লিভাৰপুলৰ অধিনায়ক ভাৰ্জিল ভান ডাইকে ৰঙা ফুলৰ চাৰ্টৰ দৰে মালা লৈ শোক প্ৰকাশ কৰে, য’ত জোটাৰ ২০ নম্বৰ জাৰ্চি লিখা আছিল। একে সময়তে এণ্ড্ৰু ৰবাৰ্টছনে তেওঁৰ ভাতৃ আন্দ্ৰে ছিলভাৰ ৩০ নম্বৰ জাৰ্চিৰ ফুলৰ মালা লৈ শ্ৰদ্ধাঞ্জলি জনায়।
গণ্ডোমাৰৰ ইগ্ৰেজা মেট্ৰিজ গীৰ্জাত গীৰ্জাৰ ঘণ্টাৰ মাজতে পুৱা ১১ বজাৰ পৰা আৰম্ভ হয় শোক সভা। দুয়োজন ভাতৃৰ কফিন ওচৰৰ চেপেলৰ পৰা গীৰ্জালৈ লৈ যোৱা হয়, য’ত স্থানীয় ক্লাব গণ্ডোমাৰ এফ চিৰ খেলুৱৈকে ধৰি বহু লোকে তেওঁলোকক বিদায় দিয়ে। এই ক্লাবত ডিঅ’গো জোটাই ৯ বছৰ বয়সৰ পৰাই ফুটবল খেলিবলৈ আৰম্ভ কৰিছিল।
অন্ত্যেষ্টিক্ৰিয়াত পৰ্তুগালৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষক ৰবাৰ্ট মাৰ্টিনেজ, মানচেষ্টাৰ চিটিৰ বাৰ্নাৰ্ডো ছিলভা আৰু ৰুবেন ডায়েছ, মানচেষ্টাৰ ইউনাইটেডৰ ব্ৰুনো ফাৰ্নাণ্ডেজও উপস্থিত থাকে।
স্পেইনৰ উত্তৰ-পশ্চিম জামোৰা অঞ্চলত এখন লেমবৰ্গিনি গাড়ীৰে গৈ থকা ডিঅ’গো জোটা (২৮) আৰু আন্দ্ৰে ছিলভা (২৫) বৃহস্পতিবাৰে মাজনিশাৰ নিৰ্জন ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত হৈ জ্বলি যায়। এই দুৰ্ঘটনাত দুয়ো ভাতৃৰ থিতাতে মৃত্যু হয়।
কোৱা হয় যে তেওঁলোকে স্পেইনৰ পৰা নাৱেৰে ইংলেণ্ডলৈ উভতি যাবলৈ আহিছিল, য’ত জোটাই গ্ৰীষ্মকালীন বিৰতিৰ পিছত পুনৰ লিভাৰপুল দলত যোগদান কৰিবলগীয়া আছিল। প্ৰাৰম্ভিক তদন্তত গাড়ীখনৰ টায়াৰ ফাটি যোৱাৰ সম্ভাৱনা উত্থাপন হৈছে। এই দুৰ্ঘটনাত আন কোনো বাহন জড়িত নহয়।
পৰিয়াল আৰু ফুটবল জগতখন শোকদগ্ধ-
শেহতীয়াকৈ দীৰ্ঘদিনীয়া সংগী ৰুয়েটে কাৰ্ডোছ’ক বিয়া কৰাই ছুটীত থকাৰ সময়তে জোটাৰ মৃত্যু হয়। জোটা তিনিটা সন্তানৰ পিতৃ আছিল, য’ত সৰু সন্তানটোৰ জন্ম হৈছিল যোৱা বছৰ। শুকুৰবাৰে জোটা আৰু তেওঁৰ ভাতৃৰ বাবে শেষ দৰ্শন (ৱেক) অনুষ্ঠিত কৰা হয়, তাৰ পিছত শনিবাৰে দুয়োৰে অন্ত্যেষ্টিক্ৰিয়া কৰা হয়। এই ঘটনাৰ পিছতে ফুটবল জগত আৰু পৰ্তুগালৰ শীৰ্ষ নেতাসকলে গভীৰ শোক প্ৰকাশ কৰে। সমগ্ৰ বিশ্বৰ অনুৰাগী আৰু ক্লাবসমূহে ছ’চিয়েল মিডিয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জোটাৰ আকস্মিক বিয়োগে ফুটবল প্ৰেমীক গভীৰ শোকত ডুবাই পেলাইছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া