কোকৰাঝাৰ, ৩১ জুলাই (হি.স.)। বৰ্তমান যুগত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বহু পৰিয়াল । জলজীৱন আঁচনি দূৰৰ কথা এটা টিউবেল বা কুৱাৰ পৰা বঞ্চিত সাধাৰণ ৰাইজ । ফলত মাটিত গাত খান্দি তাৰে পৰা পানী সেৱন কৰি জীৱন অতিবাহিত কৰিছে বহু পৰিয়াল । বি টি আৰৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ , হাতীখাল, পাথৰডুবি, মতিঝোৰা আদি গাঁৱৰ বহু পৰিয়াল আজিৰ দিনতো শেলাই ভেকুৰেৰে আৱৰা মাটিৰ গাতৰ পানী সেৱন কৰি নিজৰ তৃষ্ণা নিবাৰণ কৰা পৰিলক্ষিত যুদ্ধ হৈছে ।
প্ৰায়েই গাতত সাপ, ভেকুলী মৰি থাকে । কিন্তু উপায়ন্তৰ ৰাইজে সেই পানীয়ে সেৱন কৰি বিভিন্ন সময়ত বেমাৰত আক্ৰান্ত হব লগা হয় । গাঁও সমূহৰ অধিকাংশ পৰিয়ালে নিজাববীয়াকৈ খোৱাপানীৰ ব্যবস্থা কৰিছে যদিও আন একাংশৰ বাবে মাটিৰ গাতেই খোৱাপানী বা দৈনন্দিন জীৱনত প্ৰয়োজনীয় পানীৰ একমাত্ৰ উৎস ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ