ধুবুৰী, ০১ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ তামাৰহাটৰ মেছপাৰাত মাটিৰ তলৰ পৰা আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰা হৈছে। মেছপাৰা গাঁৱৰ শ্মশান ঘাটৰ চাৰিওফালে বেৰ দিয়া (বাউণ্ডাৰী ওৱাল) কাম কৰাৰ বাবে এদল শ্ৰমিকে যোৱা কালি বৃহস্পতিবাৰে বিয়লি শ্মশান ঘাটৰ চাৰিওফালে গাত খান্দি আছিল । গাত খান্দি থাকোতে হঠাতে মাটিৰ তলৰ পৰা এটা আগ্নেয়াস্ত্ৰ ওলাই পৰে ।
মামৰে ধৰিবলৈ আৰম্ভ কৰা আগ্নেয়াস্ত্ৰটৌ দেখা পাই শ্ৰমিক সকলে তামাৰহাট থানাত খবৰ দিয়ে । খবৰ পাই তামাৰহাট থানাৰ আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ আগ্নেয়াস্ত্ৰটো জব্দ কৰি থানালৈ লৈ যায় । উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰটোৰ উৎস, তাৰ বয়স আৰু কোনো অপৰাধ মূলক কামত ব্যৱহৃত হৈছিল নেকি সেই সন্দৰ্ভত তদন্ত কৰা হ'ব বুলি তামাৰহাট আৰক্ষীয়ে জানিবলৈ দিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ